যকৃত সংক্ৰমণ প্ৰাৰম্ভিক লক্ষণসমূহ...

28 Nov 2025

TV9 ASSAM

যেতিয়া ভাইৰাছ, বেক্টেৰিয়া বা বিষাক্ত পদাৰ্থৰ বাবে যকৃত সমস্যা আহে তেতিয়া তাক যকৃতৰ সক্ৰমণ বুলি কয়। এই অৱস্থাত যকৃতৰ ফিল্টাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ যায় আৰু শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়।

যকৃত সংক্ৰমণ

যকৃত সংক্ৰমণৰ মূল কাৰণ বেয়া পানী, দুষিত খাদ্য, ভাইৰাছ হেপাটাইটিছ (এ, বি,চি), বেছি সুৰাপান, কিছুমান ঔষধৰ অভাৰডোজ আদি। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'লেও এই সমস্যা হয়।

কাৰণ

যকৃত সংক্ৰমণ লক্ষণ সন্দৰ্ভত জনাইছে ডাঃ এল এছ ঘোটেকৰে। তেওঁ কয় যে,যকৃতে ভালদৰে কাম নকৰিলে অনবৰত ভাগৰ, দুৰ্বলতা, এলাহ আদি অনুভৱ হ'ব পাৰে।

ভাগৰ

যকৃতত সংক্ৰমণ হ'লে ভোক কমি যায়। কেতিয়াবা সামান্য খাদ্য গ্ৰহণ কৰাৰ পাছতো পেট ভৰি যায় বা খাদ্য খাবলৈ মন নাযায়।

ভোক নলগা

যকৃত সোঁফালে থাকে আৰু সেয়ে সংক্ৰমণৰ বাবে পেটৰ সোঁফালে বিষ অনুভৱ হয়। ইয়াৰোপৰি কেতিয়াবা হেঁচা, জলা পোৰা, সামান্য বা তীব্ৰ বিষ হ'ব পাৰে।

পেটৰ সোঁফালে বিষ

যকৃতে বেয়া পদাৰ্থ বাহিৰ কৰিব নোৱাৰিলে বাৰে বাৰে বমি বা বমি বমি ভাব হ'ব পাৰে।  যকৃতৰ সমস্যাৰ ই প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।

বমি

যকৃত সংক্ৰমণ ফলত শৰীৰত বিলিৰুবিন বৃদ্ধি পায়। যাৰ ফলত চকু আৰু ছাল হালধীয়া হৈ পৰে। ই জণ্ডিছৰ ইংগিত হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

জণ্ডিছ

পঢ়িবলৈ ক্লিক কৰক 

প্ৰস্ৰাৱত অধিক ফেন