কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব এইসমূহ কথা!

2 OCT 2025

TV9 ASSAM

আচাৰ্য চাণক্যই মানুহক বিভিন্ন সমস্যাৰ সমাধান দি গৈছে। কোৱা হয়, চাণক্য নীতি মানি চলিলে জীৱনৰ পৰা সকলো বাধা দূৰ হয়। আৰ্থিক সমস্যা নোহোৱা হয়।

চাণক্য

চাণক্যৰ নীতিত উল্লেখ আছে যে কিছুমান কথা মানুহে কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। এনে কৰিলে মানুহৰ আপোনাৰ প্ৰতি ঈৰ্ষা হ'ব পাৰে।

নীতি

আপুনি কেনেকৈ আয় কৰিছে, কেনেকৈ ধন আহিছে এই সম্পৰ্কে কাকো ক'ব নালাগে। নিজৰ আৰ্থিক দিশৰ কথা সদায় আনৰ পৰা গোপনে ৰাখিব লাগে। অন্যথা ঈৰ্ষা ভাব আহিব পাৰে।

আয়ৰ বাট

চাণক্যৰ মতে, কেতিয়াও নিজৰ আৰ্থিক সমস্যাৰ কথা আনৰ আগত ক'ব নালাগে। কিয়নো এনে কৰিলে মানুহে আপোনাৰ পৰা আঁতৰত থাকিব বিচাৰিব পাৰে। সকলোৱে সমস্যা শুনি ভাল নাপায়।

আৰ্থিক সমস্যা

ইয়াৰোপৰি যদি আপোনাৰ মনত যদি কিবা দুখ আছে তেন্তে সেয়া আনৰ আগত প্ৰকাশ কৰিব নালাগে। বহুতে আপোনাৰ পাছত এই কথাক লৈ আপোনাক ঠাট্টা কৰি হাঁহিব পাৰে।

দুখ

যদি কোনোৱে আপোনাক অপমান কৰে বা বেয়াকৈ কয় সেয়া বেলেগক ক'ব নালাগে। ইয়াৰ ফলত আপোনাৰ প্ৰতিষ্ঠা প্ৰভাৱিত হ'ব পাৰে। আপোনাৰ প্ৰতি সন্মান কমিব পাৰে।

অপমান

মানুহে সদায় ব্যক্তিগত কথা আনৰ পৰা গোপনে ৰাখিব লাগে। এনে কৰিলে সমাজত সন্মান ঠিক থাকে। সদায় পৰিস্থিতি একেই নাথাকে। আজিৰ বন্ধু কাইলৈ আপোনাৰ শত্ৰু হ'ব পাৰে।

ব্যক্তিগত কথা

পঢ়িবলৈ ক্লিক কৰক 

অত্যন্ত ভাল এই ৫ বস্তুৰ প্ৰৱেশ