TV9 ASSAM
দেহত তেজ জমা হোৱাৰ বাবে ভিটামিন কেৰ প্ৰয়োজন। ই হাড় মজবুত কৰাতো সহায় কৰে। তদুপৰি ভিটামিন কেই শৰীৰত কেলচিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।
বেয়া খাদ্যাভ্যাস, যকৃতৰ ৰোগ, পাচনতন্ত্ৰৰ সমস্যা, অধিক এন্টিবায়টিক সেৱন আদি কাৰণত ভিটামিন কেৰ অভাৱ হ’ব পাৰে। নৱজাতকৰ জন্মৰ পৰাও অভাৱ হ’ব পাৰে।
শৰীৰত ভিটামিন কেৰ অভাৱ হ’লে বহু লক্ষণ দেখা দিয়ে। এই লক্ষণসমূহ আওকাণ কৰা উচিত নহয়। জানো আহক এই বিষয়ে।
দেহৰ কোনো স্থানত যদি আঘাতৰ বাবে তেজ ওলায় আৰু বহুসময়লৈ যদি তেজ ওলোৱা বন্ধ নহয়, তেতিয়া ই ভিটামিন কেৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
কোনো কাৰণ নোহোৱাকৈ সঘনাই নাকৰ পৰা তেজ ওলাই থাকিলে ই ভিটামিন কেৰ অভাৱৰ ইংগিত দিয়ে।
ব্ৰাছ কৰাৰ সময়ত বা কোনো কাৰণ নোহোৱাকৈ দাঁতৰ আলুৰ পৰা তেজ ওলোৱাটোও ভিটামিন কেৰ অভাৱৰ লক্ষণ।
ভিটামিন কেৰ অভাৱত আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত প্ৰস্ৰাৱ বা শৌচত ৰক্তক্ষৰণ হোৱাটো এক লক্ষণ হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
ভিটামিন B12 ৰ অভাৱৰ ফলত দেখা দিয়া লক্ষণ