আই পি এল দলসমূহৰ প্ৰকৃত স্বত্বাধিকাৰীসকল কোন জানেনে?

08 MAY 2025

TV9 ASSAM

২০০৮ চনত মুকেশ আম্বানী আৰু নীতা আম্বানীৰ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে মুম্বাই ইণ্ডিয়ানছ ক্ৰয় কৰিছিল। দলটোৰ সম্পূৰ্ণ ১০০ শতাংশ অধিকাৰস্বত্ব তেওঁলোকৰ।

মুম্বাই ইণ্ডিয়ানছ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ১০০% অধিকাৰস্বত্ব ইউনাইটেড স্পিৰিটছ লিমিটেডৰ। ২০০৮ চনতে এই দলটো তেওঁলোকে ক্ৰয় কৰিছিল।

আৰচিবি

ছানৰাইজাৰ্ছ হায়দৰাবাদ ২০১২ চনত কালানিথি মৰাণৰ ছান টিভি নেটৱৰ্কে ক্ৰয় কৰিছিল। দলটোৰ ১০০ শতাংশ অধিকাৰস্বত্ব তেওঁলোকৰ নামত আছে।

ছানৰাইজাৰ্ছ হায়দৰাবাদ

সঞ্জীৱ গোৱেংকাৰ মালিকানাধীন আৰ পি এছ জি গ্ৰুপে ২০২১ চনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছিল। এই গ্ৰুপৰ সম্পূৰ্ণ শ্বেয়াৰৰ অধিকাৰস্বত্ব তেওঁলোকৰ।

লক্ষ্ণৌ চুপাৰ জায়েন্টছ

দিল্লী কেপিটেলছৰ ৫০ শতাংশ অংশীদাৰিত্ব পাৰ্থ জিন্দালৰ জে এছ ডব্লিউ গ্ৰুপৰ আৰু বাকী ৫০ শতাংশ অংশীদাৰিত্ব জি এম ৰাওৰ জি এম আৰ গ্ৰুপৰ।

দিল্লী কেপিটেলছ

কলকাতা নাইট ৰাইডাৰ্ছৰ ৫৫% শ্বেয়াৰ শ্বাহৰুখ খানৰ ৰেড চিলি এণ্টাৰটেইনমেণ্টৰ। আনহাতে ৪৫% শ্বেয়াৰ জুহি চাওলাৰ স্বামী জয় মেহতাৰ মেহতা গ্ৰুপৰ।

কলকাতা নাইট ৰাইডাৰ্ছ

গুজৰাট টাইটানছৰ ৬৭ শতাংশ অংশীদাৰিত্বৰ মালিক টৰেণ্ট গ্ৰুপৰ, আনহাতে চিভিচি কেপিটেলৰ ৩৩ শতাংশ অংশীদাৰিত্ব আছে।

গুজৰাট টাইটানছ

পঞ্জাৱ কিংছৰ ৪৬% শ্বেয়াৰ মোহিত বৰ্মনৰ। আনহাতে নেছ ৱাডিয়া আৰু প্ৰিটি জিণ্টাৰ ২৩-২৩% আৰু কৰণ পলৰ ৮% শ্বেয়াৰ আছে।

পঞ্জাৱ কিংছ

ইমাৰ্জিং মিডিয়াৰ মনোজ বদালেৰ ৰাজস্থান ৰয়েলছত ৬৫% শ্বেয়াৰ আছে। আনহাতে ৰেড বাৰ্ডৰ ১৫% শ্বেয়াৰ আৰু ২০% শ্বেয়াৰ কেইবাজনো লোকৰ মাজত আছে।

ৰাজস্থান ৰয়েলছ

চেন্নাই ছুপাৰ কিংছত ইণ্ডিয়া চিমেণ্টৰ ৩০%, ৭% শ্বেয়াৰ চাৰদা লজিষ্টিকছৰ আৰু ৬% শ্বেয়াৰ এল আই চিৰ হাতত। আনহাতে পাব্লিক শ্বেয়াৰ আছে ৫৭%।

চেন্নাই চুপাৰ কিংছ

পঢ়িবলৈ ক্লিক কৰক 

ওজন বৃদ্ধিৰ পৰা এইদৰে পাওক পৰিত্ৰাণ