3 Dec 2025
TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ মহত্ব আছে। বাস্তুই মানুহক বিভিন্ন সমস্যাৰ সমাধান দিয়ে। কি বস্তু কত ৰাখিলে শুভ ফল পোৱা যায়, আদি বিভিন্ন দিশৰ উপদেশ দিয়ে বাস্তুই।
পাকঘৰক বাস্তু শাস্ত্ৰত বিশেষ মান্য়তা দিয়া হৈছে। কোৱা হয়, পাকঘৰে এখন ঘৰৰ প্ৰতিজন সদস্যৰ ভাগ্য নিৰ্ণয় কৰে। গতিকে পাকঘৰৰ বাস্তুক গুৰুত্ব দিয়া উচিত।
পাকঘৰত হাতৰ পৰা বস্তু পৰা সাধাৰণ কথা। কিন্তু কিছুমান বস্তু বাৰে বাৰে পৰা ভাল নহয়। ই অশুভ হব পাৰে। ইয়াৰোপৰি ই সমস্যা আগমনৰ ইংগিত হ'ব পাৰে।
বাস্তু শাস্ত্ৰ মতে, পাকঘৰত বাৰে বাৰে নিমখ পৰা বেয়া। নিমখ চন্দ্ৰ আৰু শুক্ৰক প্ৰতিনিধিত্ব কৰে। বাৰে বাৰে নিখম পৰাৰ অৰ্থ এয়াই যে, ঘৰত সোনকালে কিবা সমস্যা আহিব পাৰে।
বাস্তু শাস্ত্ৰ মতে, পাকঘৰত বাৰে বাৰে গাখীৰ পৰা অশুভ। গাখীৰৰ সম্পৰ্ক চন্দ্ৰৰ সৈতে আছে। গতিকে বাৰে বাৰে গাখীৰ পৰাৰ অৰ্থ এয়াই যে আপোনাৰ চন্দ্ৰ দুৰ্বল হৈছে।
পাকঘৰত সৰিয়হৰ তেল বাৰে বাৰে পৰা অশুভ। সৰিয়হ তেলৰ সম্পৰ্ক শনিদেৱৰ লগত আছে। বাৰে বাৰে তেল পৰাৰ অৰ্থ এয়াই যে, জীৱনত কিবা সমস্যা আহিব পাৰে।
ইয়াৰোপৰি খোৱা খাদ্য বাৰে বাৰে পৰা বেয়া। ই অন্নপূৰ্ণ দেৱীৰ অপমান সদৃশ। দৰিদ্ৰতা অহাৰ পূৰ্বে পাকঘৰত বাৰে বাৰে খাদ্য পৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক