TV9 ASSAM
হিন্দু ধৰ্মত তুলসী গছক অত্যন্ত পবিত্ৰ হিচাপে গণ্য কৰা হয়। বাস্তু শাস্ত্ৰ মতে এই গছজোপাই ঋণাত্মক শক্তিক বাধা দি ঘৰখনলৈ ধনাত্মক শক্তি আনে।
কোৱা হয় যে তুলসী গছত দেৱী লক্ষ্মী বাস কৰে। সেয়ে তুলসীক অতি শুভ আৰু পবিত্ৰ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিদিনে তুলসী গছত পানী দিয়াটো অতি শুভ।
তুলসী গছৰ সন্মুখত নিয়মিতভাৱে চাকি জ্বলালে ঘৰত সুখ, সমৃদ্ধি আৰু ইতিবাচক শক্তি বৰ্তি থাকে। লগতে এই ৰীতি-নীতি পালন কৰাসকলৰ ধনৰ অভাৱ নহয়।
হিন্দু শাস্ত্ৰত তুলসী স্পৰ্শ কৰা বা পাত ছিঙাৰ ক্ষেত্ৰত কিছু নিয়ম আছে। এই নিয়ম আওকাণ কৰিলে ব্যক্তিৰ জীৱনত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।
বহু সময়ত ঘৰৰ মহিলাসকলে নিয়মীয়াকৈ গা ধোৱাৰ পিছত তুলসী গছত পানী দিয়া দেখা যায়। কিন্তু মাহেকীয়াৰ সময়ত মহিলাসকলে তুলসী গছ স্পৰ্শ কৰা অনুচিত বুলি কোৱা হয়।
মাহেকীয়াৰ সময়ত কোনো মহিলাই ভুলতে তুলসী গছত হাত দিলে কি হ’ব পাৰে? বহুলোকে অৱশ্যে মাহেকীয়াৰ সময়ত তুলসী গছ স্পৰ্শ বা পূজা কৰিলে কোনো দোষ নাই বুলি বিশ্বাস কৰে।
আনহাতে বহুলোকে আকৌ মাহেকীয়াৰ সময়ত তুলসী গছ স্পৰ্শ কৰিলে জীৱনত বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি বিশ্বাস কৰে। এনে হ’লে তুলসীৰ ওচৰত ক্ষমা খোজা উচিত বুলিও কোৱা হয়।
এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assame- এ নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
ঘৰৰ দক্ষিণ দিশত ৰাখিব লাগে এইসমূহ বস্তু