21 June 2025
TV9 ASSAM
Photos Credit: Getty Images
বহুতে ঘৰৰ কাষতে আমৰ পুলি ৰোপণ কৰে । কিন্তু বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ কাষতে আম গছ থাকিলে পৰিয়ালৰ বাবে ভাল নে বেয়া ? জানক ।
বাস্তু শাস্ত্ৰৰ মতে, আম গছ অৰ্থনৈতিক দিশৰ পৰা শুভ বুলি গণ্য কৰা হয় । ঘৰৰ কাষত আম গছ থকাটো শুভ বুলি গণ্য কৰা হয় ।
ঘৰৰ কাষত আম গছ থাকিলে পৰিয়ালৰ সুখ, সমৃদ্ধি অতুত থাকে । কিন্তু আমৰ গছপুলি ৰোপণ কৰাৰ দিশটো অতি গুৰুত্বপূৰ্ণ ।
বাস্তুৰ মতে, ঘৰৰ দক্ষিণ-পশ্চিম দিশত আমৰ পুলি ৰোপণ কৰিব লাগে । ফলত পৰিয়ালৰ সুখ, সমৃদ্ধি অতুত থাকিব ।
ঘৰৰ কাষত আম গছ থাকিলে ভাল যদিও গছজোপাৰ ছাঁ ঘৰৰ ওপৰত পৰিবলৈ দিব নালাগে । নহ'লে পৰিয়ালত অশান্তি সৃষ্টি হ'ব পাৰে ।
গতিকে আমৰ পুলি ঘৰৰ পৰা আঁতৰাই ৰোপণ কৰিব লাগে । নতুবা আম গছৰ তলতে এটা তুলসী পুলি ৰোপণ কৰিলে পৰিয়ালৰ বাবে শুভ বুলি গণ্য কৰা হয় ।
এই প্ৰতিবেদন বাস্তু শাস্ত্ৰৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে । কোনো কাৰণে Tv9 অসমীয়া দায়ী নহয় ।
পঢ়িবলৈ ক্লিক কৰক