10 June 2025
TV9 ASSAM
Photos Credit: Getty Images
বৰ্তমান সময়ত বহুতৰে ব্ৰেকফাষ্টত ব্ৰেড খোৱাৰ অভ্যাস আছে । কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে উপকাৰী নহয় ।
সদায় ব্ৰেকফাষ্টত ব্ৰেড খালে আপোনাৰ স্বাস্থ্যৰ কিছুমান সমস্যা সৃষ্টি হ’ব পাৰে ।
বিশেষজ্ঞৰ মতে, ব্ৰেডত প্ৰায় আঁহ নাথাকে। যাৰ বাবে পাচনতন্ত্ৰ প্ৰভাৱিত হয়। আঁহে খাদ্য হজম কৰাত সহায় কৰে।
নিয়মিতভাৱে ব্ৰেড খালে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ আঁহ নাপায়, যাৰ বাবে খাদ্য হজম কৰাত অসুবিধা হয় আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে।
নিয়মিতভাৱে ব্ৰেড খালে পাচনতন্ত্ৰ দুৰ্বল হৈ পৰিব পাৰে । ইয়াৰ উপৰিও ব্ৰেড খোৱাৰ বাবে পেট ফুলা, গেছ আৰু এচিডিটিৰ সমস্যাও হোৱা দেখা যায়।
বিশেষজ্ঞৰ মতে, যদি আপোনাৰ ব্ৰেকৰ ফাষ্টত ব্ৰেড খোৱাৰ অভ্যাস আছে তেন্তে ব্ৰেড বাছনি কৰাত সাৱধান হওক।
বগা ব্ৰেডৰ সলনি ব্ৰাউন ব্ৰেড খাব পাৰে। ব্ৰাউন ব্ৰেড আটাৰে তৈয়াৰ কৰা হয় আৰু ইয়াত পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকে।
পঢ়িবলৈ ক্লিক কৰক