TV9 ASSAM
অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ফলত হাই কলেষ্টেৰলৰ সমস্যা হয়। ইয়াৰ ফলত হাৰ্ট এটেক, উচ্চ ৰক্তচাপ আদি গুৰুতৰ ৰোগ হ’ব পাৰে।
হাই কলেষ্টেৰলৰ এনে বিপদৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। অন্যথা সমস্যা অধিক হ’ব পাৰে।
কলেষ্টেৰলৰ সমস্যাৰ ক্ষেত্ৰত স্ব-চিকিৎসা ক্ষতিকাৰক হ’ব পাৰে। তথাপি তুলসীয়ে আপোনাক এইক্ষেত্ৰত কিছু সকাহ দিব পাৰে।
তুলসীত ক্ল’ৰ’ফিল, কেলচিয়াম, আইৰণ, ভিটামিন চি, এ, জিংক আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। দেহক শক্তিশালী কৰাৰ লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
তুলসী গুড়ি কৰি পানীৰ লগত মিহলাই খালে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক হয়। ই শিৰা পৰিষ্কাৰ কৰাৰ লগতে ৰক্ত সঞ্চালনো উন্নত কৰে।
প্ৰতিদিনে পুৱা দুচামুচকৈ তুলসীৰ ৰস খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস যায়। এই অভ্যাসে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে।
তুলসী চোবাই নোখোৱাটোৱেই উচিত, অন্যথা দাঁতৰ ইনামেলৰ ক্ষতি হ’ব পাৰে। সেয়ে তুলসী পানীত উতলাই, নহ’লে গুড়ি কৰি বা ৰস উলিয়াই খাব লাগে।
পঢ়িবলৈ ক্লিক কৰক
হঠাতে ব্লাড চুগাৰৰ মাত্ৰা হ্রাস পালে কি কৰিব