2 June 2025
TV9 ASSAM
Photo Credits: Getty Images
গৰমৰ দিনত চকুত বিষ, শুকান, ৰঙা পৰা আৰু সংক্ৰমণ আদি সমস্যা সাধাৰণ হৈ পৰে। এনে পৰিস্থিতিত চকুৰ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়।
গ্ৰীষ্মকালত বাহিৰলৈ যাওঁতে সদায় ভাল মানৰ ছানগ্লাছ পিন্ধিব লাগে। ছানগ্লাছে চকু দুটাক ৰ’দৰ পৰা ৰক্ষা কৰাই নহয়, ধূলি আৰু প্ৰদূষণৰ পৰাও সুৰক্ষা প্ৰদান কৰে।
গ্ৰীষ্মকালত শৰীৰৰ লগতে চকুৰ হাইড্ৰেচনৰ প্ৰয়োজন হয়। দিনটোৰ ভিতৰত কমেও ৭-৮ গিলাচ পানী খাব লাগে। ইয়াৰ ফলত চকু আৰ্দ্ৰ হৈ থাকে।
যদি আপুনি চকুত ভাগৰুৱা অনুভৱ কৰিছে বা জ্বলা-পোৰা অনুভৱ কৰিছে তেন্তে বৰফৰ টুকুৰাবোৰ পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই ৫-১০ মিনিট চকুত ৰাখিব।
দিনটোত কেইবাবাৰো হাত ধুব লাগে আৰু নধোৱা হাতেৰে চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে।
চকুৰ স্বাস্থ্যৰ বাবে ভিটামিন এ, চি আৰু ই প্ৰয়োজনীয়। খাদ্যত সেউজীয়া শাক-পাচলি, বিলাহী, কচু, আমলা, আম আৰু অমিতা আদি অন্তৰ্ভুক্ত কৰক।
প্ৰতি ২০ মিনিটৰ মূৰে মূৰে মোবাইল বা লেপটপ স্ক্ৰীণৰ পৰা চকু কেইটা আঁতৰাই ৰাখক আৰু চকু দুটা জিৰণি দিয়ক।
পঢ়িবলৈ ক্লিক কৰক