28 Octiber 2025
TV9 ASSAM
শীতকালত উচ্চ ৰক্তচাপ লক্ষণ চিনাক্ত কৰাটো অতি প্ৰয়োজন, যাতে হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্কৰ সমস্যাৰ দৰে জটিলতাৰ পৰা হাত সাৰিব পাৰি।
শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিয়ক । এই সময়ছোৱাত যোগাসন কৰি তেজৰ সোঁত বৃদ্ধি কৰিব পাৰে আৰু ৰক্তচাপ হ্ৰাস কৰিব পাৰে।
ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অত্যধিক নিমখ পৰিহাৰ কৰক আৰু ফল-মূল, শাক-পাচলি আৰু শস্যজাতীয় খাদ্য গ্ৰহণ কৰক।
উচ্চ ৰক্তচাপ থকাসকলে এই সময়ছোৱাত গৰম সাজ-পোছাক পৰিধান কৰক আৰু বেছিকৈ ঠাণ্ডা অনুভৱ হ'বলৈ নিদিব।
মানসিক চাপৰ সৈতে মোকাবিলা কৰক। হতাশাই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ধ্যান, গভীৰ উশাহ লোৱা প্ৰাণায়মৰ দ্বাৰা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে নিয়মিতভাৱে নিৰ্ধাৰিত ঔষধ ব্যৱহাৰ কৰক আৰু চিকিৎসকৰ সৈতে পৰামৰ্শ লওক।
যদি আপুনি তীব্ৰ মূৰৰ বিষ, বুকুৰ বিষ, উশাহ-নিশাহৰ কষ্ট, দৃষ্টিশক্তিৰ পৰিৱৰ্তন, নাকৰ পৰা তেজ ওলোৱা অনুভৱ কৰে, তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক।
পঢ়িবলৈ ক্লিক কৰক