TV9 ASSAM
ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত মাহে ৫ লাখ টকা দৰমহা লাভ কৰে। ইয়াৰ লগতে বহু ভাট্টাও দিয়া হয়।
অৱসৰৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰতিমাহে ১.৫০ লাখ টকাৰ পেঞ্চন দিয়া হয়। লগতে দিয়া হয় আন বহু ভাট্টা।
কৰ্তব্যৰত সময়ৰ দৰে অৱসৰৰ পিছতো ৰাষ্ট্ৰপতিগৰাকীয়ে আজীৱন বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে অৱসৰৰ পিছতো বিনামূলীয়া ৰে’ল আৰু বিমান যাত্ৰাৰ সুবিধা লাভ কৰে। লগতে এগৰাকী কৰ্মচাৰীৰো থাকে এই সুবিধা।
প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক লগতে ৫ জন ব্যক্তিগত কৰ্মচাৰীও দিয়া হয়, তেওঁলোকৰ দৰমহা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে।
প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পত্নীয়ে প্ৰতিমাহে ৩০ হাজাৰ টকা সচিবালয়ৰ সাহায্য লাভ কৰে। দিল্লী আৰক্ষী তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থাকে।
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আজীৱন দিল্লীত ৮টা কোঠাৰ এটা ঘৰ লাভ কৰে। লগতে গাড়ী আৰু চালকৰ সুবিধাও পায়।
পঢ়িবলৈ ক্লিক কৰক
গাখীৰ আৰু ইলাচি মিহলাই খালে পাব এনে উপকাৰিতা