TV9 ASSAM
গাখীৰত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। সেয়ে গাখীৰক সম্পূৰ্ণ খাদ্য বুলি কোৱা হয়।
ইলাচিত নিয়াচিন, ভিটামিন চি, আইৰণ, কেলচিয়াম আৰু পটাছিয়াম আদি উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী।
পুষ্টিবিদ নমামী আগৰৱালাই কয় যে শীতকালত গাখীৰৰ লগত ইলাচি মিহলি কৰি খালে দেহৰ যথেষ্ট উপকাৰ সাধন হয়।
ইলাচি মিহলি গাখীৰে পাচনতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। ই গেছ, বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।
ইলাচিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। গৰম গাখীৰৰ লগত খালে বিপাকীয় ক্ৰিয়া উন্নত কৰি ওজন কমোৱাত সহায় কৰে।
ইলাচিত মনক শান্ত কৰি ৰখাত সহায় কৰা কিছুমান উপাদান থাকে। গৰম গাখীৰৰ লগত ইলাচি মিহলাই খালে টোপনি ভাল হয়।
ইলাচি আৰু গাখীৰৰ সংমিশ্ৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ সহায়ত শীতকালত হ’ব পৰা চৰ্দি, কাহৰ দৰে ৰোগ প্ৰতিৰোধত সহায়ক হয়।
পঢ়িবলৈ ক্লিক কৰক
এনেধৰণৰ সপোনে দিয়ে জীৱনত ধন লাভৰ ইঙ্গিত