27 September 2025
TV9 ASSAM
কণী এনেকুৱা এটা খাদ্য যিটো প্ৰটিনৰ উৎকৃষ্ট উৎস হোৱাৰ উপৰিও আন বহুতো পুষ্টিকৰ উপাদানৰে সমৃদ্ধ।
প্ৰটিনৰ বাহিৰেও কণীত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। ইয়াৰ উপৰিও ইয়াত আইৰণ, ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ।
যদি এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে নিজৰ দৈনন্দিন খাদ্যৰ তালিকাত কমেও ২টা কণী অন্তৰ্ভুক্ত কৰে,তেতিয়া হাড়বোৰ মজবুত হোৱাৰ উপৰিও চুলি আৰু ছাল সুস্থ হৈ থাকিব ।
কণীত থকা লুটিন, জিএক্সান্থিন মৌল আৰু ভিটামিন A চকুৰ দৃষ্টিশক্তিৰ বাবে উপকাৰী। দৃষ্টিশক্তিৰ বাবে কণী খাব পাৰে ।
কণীত থকা চেলেনিয়াম, বি ১২, ভিটামিন ডি, প্ৰটিন আদিয়ে কেৱল পেশীবোৰক শক্তিশালী কৰি ৰখাই নহয় ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে ।
মগজুৰ লগতে হৃদযন্ত্ৰ স্বাস্থ্যৰ বাবেও কণী খাব পাৰে। যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে খাদ্যত কণীৰ কুহুম অন্তৰ্ভুক্ত কৰিব পাৰে।
কণী ছাল আৰু চুলিৰ বাবে অতি উপকাৰী হোৱাৰ লগতে কণী খোৱাটো নখৰ বাবেও উপকাৰী । কাৰণ ইয়াত ভিটামিন ইৰ উপৰিও প্ৰটিন, বায়’টিন আদিও পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক