কণীৰ কুহুম নে বগা অংশ, কোনটো অংশ বেছি পুষ্টিকৰ

26 September 2025

TV9 ASSAM

পুষ্টিকৰ খাদ্যৰ তালিকাত কণী ৰখা হয়। প্ৰটিন সমৃদ্ধ খাদ্যৰ অংশ হিচাপে বহুতে কণী খাবলৈ আৰম্ভ কৰে।

পুষ্টিকৰ খাদ্য

বহুতৰে মনত এই প্ৰশ্নটো সদায় থাকে। কণীৰ কোনটো অংশ বেছি পুষ্টিকৰ। বগা অংশ নে কুহুম!

 বগা অংশ নে কুহুম

কণীৰ বগা অংশ আৰু কুহুম দুয়োটা অংশতে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কেলৰিৰ বাবে মানুহে কণীৰ কুহুম খাব পাৰে।

পুষ্টিকৰ উপাদান

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে কণীৰ বগা অংশ খাব পাৰে। কণীৰ বগা অংশত চৰ্বি নাথাকে। এটা গোটা কণীত ৩.৬ গ্ৰাম চৰ্বি থাকে।

কণীৰ বগা অংশ

কণীৰ বগা অংশত কোনো ধৰণৰ কলেষ্টেৰল নাথাকে। গতিকে উচ্চ কলেষ্টেৰলৰ সমস্যাত আক্ৰান্তসকলে কোনো চিন্তা নকৰাকৈ কণী বগা অংশ খাব পাৰে।

কলেষ্টেৰল নাথাকে

কণীৰ বগা অংশত প্ৰটিন, এমিনো এচিড থাকে, যিয়ে একাধিক শাৰীৰিক কাৰ্যত সহায় কৰে। পেশী গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰটিন, এমিনো এচিড

আনহাতে কণীৰ কুহুমত ক'লিন নামৰ খনিজ পদাৰ্থ থাকে, যিয়ে মগজুৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু লগতে বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে।

কণীৰ কুহুম

কণীৰ কুহুমত কেলৰি থাকে। ইয়াৰ উপৰিও কণীৰ কুহুমত ভিটামিন এ, ডি, ই, কে আৰু বি, ফছফৰাছ, আইৰণ আৰু জিংক আদি পুষ্টিকৰ উপাদান থাকে। যিবোৰ শৰীৰক সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজন।

ভিটামিন

পঢ়িবলৈ ক্লিক কৰক

দেৱী দুৰ্গাৰ আৰ্শীবাদ পাবলৈ পঞ্চমীৰ দিনটোত এই কাম কৰক...