মহিলাৰ দেহত কৰ্কট ৰোগৰ লক্ষণসমূহ...

1 Dec 2025

TV9 ASSAM

বৰ্তমান সময়ত কৰ্কট ৰোগ এক ডাঙৰ সমস্যা হৈ পৰিছে। প্ৰতিদিনে লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হয়। কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ থাকে। পুৰুষ-মহিলা উভয়ে এই ৰোগত আক্ৰান্ত হয়।

কৰ্কট ৰোগ

আজিকালি মহিলাসকলৰ মাজতো বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ হোৱা দেখা যায়। প্ৰতিটো কৰ্কট ৰোগৰ লক্ষণ বেলেগ বেলেগ। কিন্তু কিছুমান লক্ষণ আওকাণ কৰা ভাল নহয়।

লক্ষণ

যদি আপোনাৰ মাহেকীয়া নিয়মিতভাৱে নহয় তেন্তে ই কৰ্কট ৰোগৰ সংকেত হ'ব পাৰে। ইয়াৰোপৰি মাহেকীয়াৰ সময়ত বেছি ৰক্তস্ৰাৱ হ'ব পাৰে। মেনোপজৰ পাছত ৰক্তস্ৰাৱ হোৱা বেয়া।

অনিয়মিত মাহেকীয়া

মহিলাসকলৰ স্তনক ফুলা বা সৰু সৰু গুটি গঠন হ'ব পাৰে। ই স্তনৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি কেতিয়াবা স্তনৰ আকাৰৰ পৰিৱৰ্তন হব পাৰে। নিপলৰ ৰং পৰিৱৰ্তন হ'ব পাৰে।

স্তন

যদি কোনো কাৰণ নোহোৱাকৈ শৰীৰত বিষ বা দুৰ্বলতা অনুভৱ হৈ থাকে তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে। ভাগৰ, কঁকালৰ বিষ, পেট বা হাড়ৰ বিষ আদি যকৃতৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে।

বিষ

যদি কোনো ডায়েট নকৰাকৈ আপোনাৰ ওজন দ্ৰুতগতিত হ্ৰাস পাই তেন্তে ই চিন্তাৰ কাৰণ হব পাৰে। ই পেক্ৰিয়াছ, পেট বা হাওঁফাওঁৰ কৰ্কট ৰোগৰ সংকেত হ'ব পাৰে।

ওজন হ্ৰাস

যদি দীৰ্ঘদিন ধৰি আপোনাৰ কাহ হৈ থকা আৰু ঔষধ সেৱন কৰাৰ পাছতো ঠিক নহয় তেন্তে ই হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি কাহত তেজ আহিব পাৰে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

কাহ

পঢ়িবলৈ ক্লিক কৰক

হাৰ্ট এটেকৰ লক্ষণ