2Jan 2026
TV9 ASSAM
শীতকালত ডায়েবেটিছ ৰোগীৰ বিশেষ সমস্যা হোৱা দেখা যায়। চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। গতিকে শীতকালত কিছুমান বস্তু এৰাই চলিব লাগে। চুগাৰৰ ৰোগীয়ে খাব নালাগে।
ডায়েবেটিছ ৰোগীয়ে মিঠা খাব নালাগে। কিয়নো মিঠা খালে শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। যাৰ ফলত ব্লাড চুগাৰ থকা লোকসকলৰ বাবে সমস্যা হ'ব পাৰে।
যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে প্ৰতিদিনে ভাত নাখাব। চাউলত গ্লাইছেমিক ইনডেক্স থাকে। যি ব্লাড চুগাৰ বৃদ্ধি কৰে। ইয়াৰ সলনি আপুনি মাজে মাজে ৰুটি খাব পাৰে।
ডায়েবেটিছ ৰোগীয়ে পেকেটৰ খাদ্য খাব নালাগে। এনে খাদ্যত ছডিয়াম যথেষ্ঠ পৰিমাণে থাকে। যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবে ই সমস্যা হ'ব পাৰে।
শীতকালত বহুতে ভজা পোৰা বস্তু খাই ভাল পায়। কিন্তু শীতকালত বেছি তেল, মচলাযুক্ত খাদ্য খাব নালাগে। ডায়েবেটিছ ৰোগীৰ বাবে ই বেয়া। এইবোৰ খালে চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
ফাষ্ট ফুড ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত বেয়া। এইবোৰ সেৱন কৰিলে চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ বাবে ডায়েবেটিছ ৰোগীয়ে এইবোৰ পৰিহাৰ কৰিব লাগে।
ডায়েবেটিছ ৰোগীয়ে সহায় চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্য গ্ৰহণ কৰিব লাগে। বিশেষকৈ শীতকালত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয় অতি প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক