হাৰ্ট এটেকৰ এমাহ পূৰ্বে কি লক্ষণে দেখা দিয়ে?

1 Dec 2025

TV9 ASSAM

আজিকালি মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। জীৱনশৈলী, খাদ্যভাস আদিৰ বাবে মানুহৰ এনে হয়। গতিকে স্বাস্থ্যৰ গুৰুত্ব দিয়া প্ৰয়োজন।

হৃদযন্ত্ৰ

আজিকালি যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি প্ৰায়ভাগ মানুহৰে হাৰ্ট এটেক অহা দেখা যায়। যেতিয়া হাৰ্ট এটেক আহে কিছুদিন আগৰ পৰা ইয়াৰ সাধাৰণ কিছুমান লক্ষণে দেখা দিয়ে।

লক্ষণ

আৰাম কৰাৰ পাছতো শৰীৰ অত্যন্ত ভাগৰ অনুভৱ কৰি থাকে। যেতিয়া শৰীৰে ভালদৰে অক্সিজেন লাভ নকৰে তেতিয়া প্ৰায়ে ভাগৰুৱা অনুভৱ হয়। দীৰ্ঘদিন এনে হৈ থাকিলে সহজভাৱে ল'ব নালাগে।

ভাগৰ

যেতিয়া আমাৰ হৃদযন্ত্ৰই সঠিকভাৱে কাম কৰিব নোৱাৰে তেতিয়া উশাহ লোৱাত অসুবিধা হয়। কিয়নো হাৰ্ট এটেকৰ পূৰ্বে তেজ ঠিকভাৱে পাম্প নহয়। যাৰ বাবে শৰীৰত অক্সিজেনৰ অভাৱ হয়।

উশাহত সমস্যা

হৃদযন্ত্ৰৰ সমস্যা থাকিলে তেজৰ সোঁত কম হয়। যাৰ বাবে হঠাতে মূৰ ঘূৰাব পাৰে। হৃদস্পন্দন কম হোৱা আৰু ব্লাড প্ৰেচাৰৰ সমস্যা হয়। যাৰ বাবে মূৰ ঘূৰোৱাৰ সমস্যা হ'ব পাৰে।

মূৰ ঘূৰোৱা

হৃদস্পন্দন দ্ৰুতগতিত বৃদ্ধি পায়। বিশেষকৈ বুকুৰ বিষ, উশাহ লোৱাত অসুবিধা আদিৰ সময়ত এই সমস্যা বেছিকৈ হয়। দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

হৃদস্পন্দন বৃদ্ধি

ইয়াৰোপৰি খোজ কঢ়া, চিৰি বগোৱা আদি ক্ষেত্ৰত ভাগৰ লাগিব পাৰে। গতিকে দীৰ্ঘদিন এনে হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

অন্য লক্ষণ

পঢ়িবলৈ ক্লিক কৰক 

পুৰুষৰ প্ৰজনন ক্ষমতা