4 October 2025
TV9 ASSAM
সুস্বাস্থ্যৰ বাবে সময়মতে খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। বিশেষজ্ঞসকলে প্ৰায়ে পৰামৰ্শ দিয়ে যে,ৰাতি আহাৰ সোনকালে গ্ৰহণ কৰিব লাগে।
ইয়াৰ লগতে পাৰিলে ৰাতি আহাৰত লঘু খাদ্য বা ৰাতি পাতল আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে।
বিশেষজ্ঞসকলে প্ৰায়ে ৰাতি আহাৰ সোনকালে খাবলৈ পৰামৰ্শ দিয়ে। ৰাতি আহাৰ সাধাৰণতে ৭ বজাৰ আগত খাব লাগে বুলি কোৱা হয়।
কোৱা হয় যে, ৰাতি হজম শক্তি লেহেমীয়া হয়, গতিকে খাদ্য হজমৰ বাবে সময়ৰ প্ৰয়োজন হয়। সোনকালে খাদ্য খোৱাৰ বাবে শৰীৰে খাদ্য হজমৰ বাবে পৰ্যাপ্ত সময় লাভ কৰে।
বিশেষজ্ঞৰ মতে পলমকৈ ৰাতি আহাৰ গ্ৰহণ কৰাৰ ফলত এচিডিটি বা পেট ফুলা সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
ৰাতি পলমকৈ খাদ্য খোৱাৰ ফলত কেলৰি চৰ্বি হিচাপে জমা হোৱাৰ সম্ভাৱনা বেছি হয়। যিয়ে ওজন বৃদ্ধি কৰিব পাৰে।
ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। লগতে ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
পঢ়িবলৈ ক্লিক কৰক