TV9 ASSAM
বিভিন্ন কাৰণত বহু মানুহে আজিকালি মূৰৰ বিষয় ভোগা দেখা যায়। কিছুমান ইয়াৰ বাবে ঔষধ লয়। কিন্তু ঘৰুৱা উপায়ৰ দ্বাৰাও আপুনি এই বিষৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰে।
যেতিয়া আপোনাৰ অত্যন্ত মূৰ বিষয়াই তেতিয়া কুহুমীয়া পানীৰে গা ধুব আৰু মূৰটোও অলপ অলপকৈ ধুব। এনে কৰিলে আপুনি বিষৰ পৰা কিছু পৰিত্ৰাণ পাব।
গা ধুৱাৰ পাছত অলপ সময় শুব চেষ্টা কৰিব। উল্লেখ্য যে, ভাল টোপনিয়ে আমাৰ শৰীৰত শক্তি প্ৰদান কৰে। গতিকে মূৰৰ বিষ হোৱাৰ সময়ত শুবলৈ চেষ্টা কৰিব লাগে।
মূৰৰ বিষ হৈ থকাৰ সময়ত বহুত চাহ খায়। কিন্তু এই সময়ত চাহ, কফি, কোল্ড ড্ৰিংক বা কেফেনজাতীয় দ্ৰব্যৰ পৰা আঁতৰত থাকিব লাগে। তেতিয়া কিছু শান্তি পাব।
কুহুমীয়া পানীত নেমু ৰস চেপি লৈ তাত অলপ ক'লা নিমখ দিব। পাছত সেইখিনি লাহে লাহে পি খাব। পাছত দেখিব কিছু পৰিমাণে মূৰ বিষ কমিছে।
মূৰৰ বিষ হৈ থাকিলে মূৰত ঠাণ্ডা পানীৰ কাপোৰ ৰাখিব লাগে। বা আইচ পেক ৰাখিব পাৰে। আপুনি ইয়াৰ বাবে কাপোৰ এখন ঠাণ্ডা পানীত তিয়াই মূৰত ৰাখিব পাৰে।
মূৰৰ বিষ হোৱাৰ সময়ত আপুনি আদা আৰু মৌৰ মিশ্ৰণ খাব পাৰে। বা ৪-৫ টা তুলসী পাত পানীত উতলাই সেই পানীখিনি খাব লাগে। এনে কৰিলে মূৰৰ বিষ কম হয়।
ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। যদি এই উপায় কৰাৰ পাছতো আপোনাৰ মূৰৰ বিষ কম হোৱা নাই তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক