26 Sept 2025
TV9 ASSAM
আজিকালি বহু মানুহে মাইগ্ৰেইনৰ সমস্যাত ভোগা দেখা যায়। কিছুমান সহজ উপায়ে আপোনাক কিছু সময়ৰ বাবে সকাহ দিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় ল'ব পাৰে।
ডিহাইড্ৰেশ্যনৰ ফলতো মূৰৰ বিষ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যেতিয়া মূৰৰ বিষ হয় তেতিয়া পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ইয়াৰ ফলত কিছু সকাহ পোৱা যায়।
যেতিয়া মূৰৰ অত্যন্ত বিষ হয় তেতিয়া কপালত ঠাণ্ডা কিবা বস্তু এটা ৰাখিব লাগে। এনে কৰিলে আপুনি কিছু সকাহ পাব পাৰে।
যেতিয়া আপোনাৰ মূৰৰ বিষ হয় তেতিয়া তেল মালিচ কৰিব পাৰে। লাহে লাহে মূৰৰ চাৰিওফালে মালিচ কৰিব পাৰে। ইয়াৰ পাছত অলপ সময় শুব লাগে।
যেতিয়া মূৰৰ অত্যন্ত বিষ হয় তেতিয়া চাহত আদা দি খাব লাগে। তেতিয়া কিছু সকাহ পোৱা যায়। কেতিয়াবা আপুনি আদা চোবাই খাব পাৰে।
যোগাসনেও আপোনাক মূৰৰ বিষৰ পৰা সকাহ দিব পাৰে। ইয়াৰোপৰি আপুনি উশাহ-নিশাহৰ ব্যায়ম কৰিব পাৰে। ইয়ে আপোনাক মানসিক শান্তিও দিব।
মানসিক চিন্তা মূৰৰ বিষৰ কাৰণ হ'ব পাৰে।গতিকে যিমান পাৰে চিন্তাৰ পৰা নিজকে মুক্ত ৰাখিব লাগে। ইয়াৰোপৰি এই সময়ত আপুনি পোহৰৰ পৰা কিছু আঁতৰত থকাৰ চেষ্টা কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক