26 Sept 2025
TV9 ASSAM
হিন্দু ধৰ্মত মা লক্ষ্মীৰ বিশেষ মহত্ব আছে। ধন বৈভৱ, সুখ-সমৃদ্ধিৰ দেৱী মা লক্ষ্মী। কোৱা হয়, মা লক্ষ্মী সন্তুষ্ট হ'লে জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়। আৰ্থিক উন্নতি হয়।
কিন্তু যদি মা লক্ষ্মী অসন্তুষ্ট হয় তেতিয়া জীৱনৰ পৰা সকলো সুখ লাহে লাহে গুচি যায়। বাস্তু শাস্ত্ৰ অনুসৰি, মা লক্ষ্মী অসন্তুষ্ট হ'লে লক্ষ্মীয়ে কিছুমান সংকেত দিয়ে। যি আওকান কৰিব নালাগে।
মান্যতা অনুসৰি, যদি ঘৰত থকা তুলসী গছ হঠাতে কোনো কাৰণ নোহোৱাকৈ শুকাবলৈ আৰম্ভ কৰে তেন্তে এয়া ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পোৱাৰ সংকেত হ'ব পাৰে।
ঝাড়ূক মা লক্ষ্মীৰ প্ৰতীক বুলি কোৱা হয়। গতিকে ঘৰত যদি বাৰে বাৰে ঝাড়ু ভাঙি থাকে তেন্তে ই মা লক্ষ্মী অসন্তুষ্ট হোৱাৰ সংকেত হ'ব পাৰে। মান্যতা অনুসৰি ঝাড়ুত ভৰিও লগাব নালাগে।
গাখীৰ পবিত্ৰতা আৰু শুদ্ধতাৰ প্ৰতীক। কেতিয়াবা গাখীৰ পৰা সাধাৰণ কথা। কিন্তু যদি বাৰে বাৰে পাকঘৰত গাখীৰ পৰে তেন্তে এয়া মা লক্ষ্মী অসন্তুষ্ট হোৱাৰ কাৰণ হ'ব পাৰে।
যদি বাৰে বাৰে গাখীৰ পৰি থাকে তেন্তে ই অনৰ্থক খৰচৰ ইংগিত হ'ব পাৰে। ইয়াৰোপৰি ই এয়া সংকেত দিয়ে যে আপোনাৰ ঘৰত কিবা আৰ্থিক সমস্যা আছে।
যদি পাকঘৰ বা বাথৰুমৰ নলীৰ পৰা বাৰে বাৰে পানী সৰি থাকে তেন্তে এয়া অশুভ ইংগিত হ'ব পাৰে। কোৱা হয় এনে হ'লে ঘৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক