December 26, 2025
TV9 ASSAM
Photo Credits: Getty Images
শীতকালত চাৰিওফালে বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লোৱা যায়। কিন্তু খাদ্য খোৱাৰ পাছত কিছুমান মানুহৰ পেট গধুৰ হৈ পৰে। কিছুমান মানুহৰ বুকুত অস্বস্তি অনুভৱ হয়।
খোৱাৰ পাছত পেটৰ বিষ, ডিঙিৰ বিষ, বমি হোৱা আদি লক্ষণো দেখা যায়। এই সকলোবোৰ সমস্যাৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায় জানক।
আদাই হজম শক্তি বৃদ্ধিত সহায় কৰে আৰু নেমু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। পেটৰ সমস্যাৰ উপশম পাবলৈ আদা-নেমুৰ পানী উতলাই খাব পাৰে।
আধা চামুচ আজনি আৰু আধা চামুচ চফ গুটি এগিলাচ পানীত অলপ সময় উতলাই লওক। পানী আধা কমি গ’লে কুহুমীয়াকৈ খাব লাগে। ইয়াৰ ফলত পেট ফুলা কমি যাব।
জিৰাই পাচনতন্ত্ৰৰ এনজাইম সক্ৰিয় কৰে, ধনিয়াই শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। জিৰা আৰু ধনিয়া অলপ পানীত উতলাই সেই পানী খাব।
পদিনা পাতে হজম শক্তিত সহায় কৰে। ৪-৫ টা সতেজ পদিনা পাত উতলি থকা গৰম পানীত ঢাকি ৫ মিনিট ৰাখিব। তাৰ পিছত চেকি লৈ সেই পানী পান কৰক।
ডালচেনিত কিছুমান প্ৰাকৃতিক উপাদান থাকে যিয়ে অন্ত্ৰৰ প্ৰদাহ কমায় আৰু গেছৰ ফলত হোৱা পেটৰ অস্বস্তি কমায় আৰু বিপাকীয় হাৰ বৃদ্ধি কৰি খাদ্য খৰতকীয়াকৈ হজম কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক