পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ কি কি খাদ্য খাব?

November 18, 2025

TV9 ASSAM

পেট ভাল নহ’লে ইয়াৰ প্ৰভাৱ সমগ্ৰ শৰীৰত পৰে। কাৰণ শৰীৰে পাচনতন্ত্ৰৰ যোগেদি প্ৰয়োজনীয় পুষ্টি শোষণ কৰি কোষবোৰ মেৰামতি কৰে।

পাচনতন্ত্ৰ

পেটৰ স্বাস্থ্য বজাই ৰাখিবলৈ খাদ্য অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত গুৰুত্ব নিদিলে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

খাদ্য

শৰীৰৰ একাধিক অংগৰ কাৰ্যক্ষমতাৰ ওপৰত হজম শক্তি নিৰ্ভৰ কৰে। খাদ্যত প্ৰ’বায়’টিক, কাৰ্বহাইড্ৰেট, চৰ্বি আৰু আঁহ আদি অন্তৰ্ভুক্ত কৰিব লাগে।

প্ৰয়োজনীয় উপাদান

প্ৰ’বায়’টিকে খাদ্য হজম কৰাত সহায় কৰে। এনে অৱস্থাত দৈ নিয়মিতভাৱে সেৱন কৰিব পাৰে। পেটত উপকাৰী বেক্টেৰিয়াৰ পৰিমাণ বাঢ়িলে পাচনতন্ত্ৰৰ সমস্যাও কমি যায়।

প্ৰ’বায়’টিক

পেটত থকা উপকাৰী বেক্টেৰিয়াৰ বাবে প্ৰয়োজনীয় খাদ্য যোগান ধৰিব লাগে। এই ক্ষেত্ৰত বীন, দালি, কল আদি খাদ্যই সহায় কৰিব।

উপকাৰী বেক্টেৰিয়া

পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ খাদ্যত আঁহ থকাটো নিশ্চিত কৰিব লাগে। কাৰণ আঁহে গধুৰ খাদ্য হজম কৰাত সহায় কৰে। 

আঁহ

আঁহৰ অভাৱ পূৰণ কৰিবলৈ দৈনন্দিন খাদ্য তালিকাত মচুৰ দাইল, গাজৰ, বিলাহী, বাদাম, বিভিন্ন ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে।

আঁহৰ অভাৱ পূৰণ

পঢ়িবলৈ ক্লিক কৰক

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাৰ উপায়