17 Dec 2025
TV9 ASSAM
কেঁচা জলকীয়াত ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ফিটোনিউট্ৰিয়েটছ থাকে। ইয়াত বিটা কেৰোটিনো পোৱা যায়। এনে অৱস্থাত প্ৰতিদিনে এটা কেঁচা জলকীয়া খালে বিভিন্ন লাভ পাই শৰীৰে।
প্ৰতিদিনে কেঁচা জলকীয়া খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে। ডায়েবেটিছ ৰোগীসকলৰ বাবে ই ভাল। ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণত কেঁচা জলকীয়া খাব পাৰে।
প্ৰতিদিনে কেঁচা জলকীয়া খালে বিপাকীয় ক্ৰিয়া ভাল হয়। জলকীয়াত কেপ্সেচিন থাকে। যিয়ে বিপাকীয় ক্ৰিয়া ভাল কৰাত যথেষ্ঠ সহায় কৰে।
পাচনতন্ত্ৰ ভালে ৰখাত কেঁচা জলকীয়াই সহায় কৰে। ই অন্ত্ৰত জমা হোৱা বেক্টেৰিয়া দূৰ কৰে। কেঁচা জলকীয়া খালে পাচনতন্ত্ৰৰ স্বাস্থ্য ভাল হয়।
শৰীৰত এনে বহু ফ্ৰী ৰেডিকেলছ থাকে যিয়ে শৰীৰৰ ক্ষতি কৰে। কিন্তু কেঁচা জলকীয়াত এন্টি অক্সিডেন্টছ থাকে। যিয়ে ফ্ৰী ৰেডিকেলছ নষ্ট কৰাত সহায় কৰে।
কেঁচা জলকীয়াত কেপ্সিচিন থাকে। গতিকে ই বিষ কম কৰাত সহায় কৰে। ই পেইন কিলাৰৰ দৰে কিছুমান ক্ষেত্ৰত কাম কৰে বুলি কব পাৰি।
অৱশ্যে আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে যিকোনো বস্তু সেৱন কৰাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক