পাকঘৰৰ এইসমূহ মছলাই ছালখন কৰি তুলিব উজ্জল

10 Oct 2025

TV9 ASSAM

সুস্থ ছাল বজাই ৰাখিবলৈ দৈনিক ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ব্যয়বহুল উপাদানৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে ছালৰ যত্ন লোৱা অধিক উপযোগী বিবেচিত হয়।

ছালৰ যত্ন

পাকঘৰতে থকা মছলাসমূহত সামগ্ৰিক স্বাস্থ্য আৰু ছালৰ উপকাৰী বহু ঔষধি গুণ থাকে। এই মছলাবোৰ আপুনি আপোনাৰ ছালৰ যত্নৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

মছলা

জাইফলে খাদ্যৰ সুগন্ধি -সোৱাদ বৃদ্ধি কৰাৰ লগতে দাগ দূৰ কৰাত সহায় কৰে। জাইফল পিহি লৈ গাখীৰৰ লগত সপ্তাহত দুই-তিনিবাৰকৈ ১০ মিনিটৰ বাবে দাগ থকা ঠাইত লগাব লাগে।

জাইফল

ছালৰ যত্নত বহুলোকেই হালধি ব্যৱহাৰ কৰে। হালধি আৰু দৈৰ পেক লগালে ছালখন কোমল আৰু উজ্জল হ’ব। লগতে পিম্পলছৰ সমস্যাৰ পৰা মুক্তিত সহায় কৰিব।

হালধি

ডালচেনি ছালৰ বাবেও উপকাৰী। ডালচেনি তিয়াই থোৱা পানী খালে স্বাভাৱিকতে আপোনাৰ ছালখন উজ্জ্বল হ’ব আৰু পিহি লগালে পিম্পল আঁতৰোৱাত সহায়ক হয়।

ডালচেনি

এণ্টিমাইক্ৰ’বিয়াল আৰু এণ্টি-ফাংগেল গুণ সমৃদ্ধ লং ছাল-চুলি দুয়োটাৰে বাবে উপকাৰী। লং তিয়াই থোৱা পানীয়ে উফি আৰু ব্ৰণ কম কৰিব পাৰে। কিন্তু লং বেছিকৈ খাব নালাগে।

লং

কেশৰে ছালত প্ৰাকৃতিক উজ্জলতা অনাৰ লগতে ছালৰ বহু সমস্যাত উপশম দিয়ে। সেয়ে সৌন্দৰ্যবৰ্ধনৰ সামগ্রীতো কেশৰ ব্যৱহাৰ কৰা হয়। ফেচ পেকত কেশৰ দি লগাব পাৰে।

কেশৰ

পঢ়িবলৈ ক্লিক কৰক 

প্ৰথমবাৰলৈ এনে কৃতিত্ব গিলৰ