অধিক আদা খালে এনে সমস্যাৰ ক্ষেত্ৰত হ’ব পাৰে বিপদ

30 Sep 2025

TV9 ASSAM

আমাৰ পাকঘৰত সততে উপলব্ধ এবিধ সামগ্ৰী আদা। কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বহু উপকাৰী গুণো আছে।

আদা

দেহৰ বিষ, চৰ্দি, হজম শক্তি, পেশীৰ স্বাস্থ্য, মেদবহুলতা, ডায়েবেটিছ আদি ভিন্ন ক্ষেত্ৰত আদাই দেহৰ যথেষ্ট উপকাৰ সাধন কৰে।

উপকাৰিতা

এনে উপকাৰী গুণৰ পিছতো কিন্তু কিছুমান ক্ষেত্ৰত আদা বিপদৰ কাৰণ হ’ব পাৰে। জানো আহক এই বিষয়ে।

অপকাৰ

কম ওজনৰ লোকে যদি ওজন বৃদ্ধিৰ চেষ্টা কৰি আছে, আদা অধিক পৰিমাণে খোৱাৰ পৰা বিৰত থাকক।

কম ওজন

যদি আপুনি ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰি আছে, তেতিয়াহ’লে অধিক পৰিমাণে আদা খোৱাৰ পৰা বিৰত থাকক।

ৰক্তচাপ বা ডায়েবেটিছ

হিমোফিলিয়া ৰোগৰ ঔষধ গ্ৰহণ কৰি থাকিলেও আদা অধিক খোৱা উচিত নহয়। দেহত এই সমস্যা হ’লে তেজৰ সমস্যাই দেখা দিয়ে।

হিমোফিলিয়া

গৰ্ভাৱস্থাত আদা বেছিকৈ খালে পেশী সংকোচন হ’ব পাৰে, ফলত অকাল প্ৰসৱ হ’ব পাৰে। বহু চিকিৎসকে সেয়ে গৰ্ভাৱস্থাৰ অন্তিম তিনিটা মাহত আদা নাখাবলৈ পৰামৰ্শ দিয়ে।

গৰ্ভাৱস্থা

পঢ়িবলৈ ক্লিক কৰক 

আহাৰ গ্ৰহণৰ পিছত নকৰিব এই ৫টা ভুল