24 September 2025
TV9 ASSAM
বিশেষজ্ঞৰ মতে, জেনেটিক কাৰণটো আপোনাৰ কিডনী ষ্টোন হ'ব পাৰে। গতিকে এই সমস্যা ৰোধ কৰিবলৈ এইসমূহ সাৱধানতা অৱলম্বন কৰক।
কিডনী ষ্টোনৰ পৰা বাছি থাকিবলৈ আপুনি দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পানীৰ অভাৱ হ'বলৈ দিব নালাগে।
আপোনাৰ দৈনন্দিন খাদ্যত নিমখ আৰু প্ৰটিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক। ই কিডনী ষ্টোনৰ পৰা ৰক্ষা কৰিব।
তদুপৰি আপুনি অক্সালেট সমৃদ্ধ খাদ্য সীমিত কৰক। ই কিডনী ষ্টোনৰ সম্ভাৱনা বৃদ্ধি কৰে।
আপোনাৰ খাদ্যভ্যাস সলনি কৰক। খাদ্যত সতেজ শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰক।
মদ আৰু ফাষ্ট ফুডৰ পৰা আঁতৰি থাকক। এই অভ্যাসৰ ফলত কেৱল কিডনী ষ্টোন নহয়, সামগ্ৰিকভাৱে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।
বিশেষকৈ যদি পৰিয়ালত বৃক্কত পাথৰ হোৱাৰ সমস্যা আছে তেন্তে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক।
পঢ়িবলৈ ক্লিক কৰক