নহৰু খালে কি কি লাভ হয়, জানক...

12  Dec 2025

TV9 ASSAM

প্ৰায় সকলোৰে পাকঘৰত নহৰু থাকে। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰো বিভিন্ন উপকাৰ কৰে। নহৰুত ভিটামিন চি,কে, ফোলেট,নিয়াচিন, থাইচিন আদি থাকে।

নহৰু

আজিৰ সময়ত বহুতৰ মাজত বেয়া কলেষ্টেৰল বৃদ্ধিৰ সমস্যাই দেখা দিয়ে। নহৰুই শৰীৰৰ পৰা বেয়া কলেষ্টেৰল কম কৰিব পাৰে আৰু হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে।

কলেষ্টেৰল

যদি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেন্তে কেঁচা নহৰু ডায়েটত অন্তৰ্ভুক্ত কৰিব পাৰে। ই পেটৰ সমস্যা হ্ৰাস কৰে। অন্ত্ৰৰ স্বাস্থ্যৰ বাবে কেঁচা নহৰু ভাল।

পাচনতন্ত্ৰ

যদি আপোনাৰ কোনো অংশ ফুলে বা বিষ হয় তেন্তে নহৰুৰ তেল লগাব পাৰে। ই কাৰ্টিলেজত গাঁঠিৰ প্ৰভাৱ কম কৰে। এনে ক্ষেত্ৰত বিষৰ পৰা আৰাম পোৱা যায়।

বিষ

নহৰুত এন্টিঅক্সিডেন্ট আৰু বিভিন্ন গুণ থাকে। যিয়ে মুখৰ পৰা বেয়া বেক্টেৰিয়া নষ্ট কৰে। এক কথাত মুখখত পৰিষ্কাৰ আৰু ধুনীয়া কৰাত নহৰুৱে সহায় কৰে।

মুখ

বিভিন্ন অধ্যয়নত প্ৰকাশ পাইছে যে নহৰুৱে কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে। নহৰুত থকা বিভিন্ন উপাদানে কেন্সাৰৰ কোষবোৰ ধ্বংস বা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে।

কৰ্কট

ইয়াৰোপৰি চৰ্দি, জ্বৰ,ডায়েবেটিছ, এলঝাইমাৰ,ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা আদিৰ বাবে নহৰু ভাল। অৱশ্যে আপোনাৰ যদি কোনো ৰোগ আছে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক 

উচ্চ ৰক্তচাপ ৰোগীয়ে কি খাব নালাগে