December 14, 2025
TV9 ASSAM
অসমত পোৱা এই পাঁচ বিধ শাকত প্ৰচুৰ পৰিমাণে ঔষধি গুণ থকাৰ লগতে স্বাস্থ্যৰ বাবে উপকাৰী। পেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি বহু ৰোগৰ পৰা উপশম পোৱাত সহায় কৰে।
আপোনাৰ অঞ্চলত উপলব্ধ এই পাঁচবিধ শাক কি কি জানেনে ? আৰু ইয়াৰ উপকাৰিতা জানোঁ আহক।
এই শাক বিধে স্মৃতিশক্তি বৃদ্ধি দৰে। তেজগ্ৰহণী বা পেটৰ সমস্যাৰ পৰা উপশম পোৱাত এই শাক অতি উপকাৰী। লগতে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। ই হাড়, দাঁতৰ গঠন মজবুত কৰে ৷ স্নায়ুজনীত ৰোগ আৰু ডায়েবেটিচ ৰোগীৰ বাবেও ই উপকাৰী ৷
অস্থি, সন্ধিৰ বিষ আৰু স্নায়ুজনীত বিভিন্ন ৰোগৰ বাবে ভেদাইলতা উপকাৰী ৷ পেটৰ সমস্যা হ'লেও ভেদাইলতা খালে সুফল পোৱা যায় ৷
পেটৰ বহুতো অসুখত মছন্দৰী উপকাৰী ৷ ভাপত সিজোৱা বা আদা নহৰু দি বনোৱা মছন্দৰী শাকৰ আঞ্জাই মহৌষধৰ দৰে কাম কৰে।
অৰ্শৰোগ, জণ্ডিচ, প্ৰসাবৰ সংক্ৰমণ, বগাস্ৰাৱ, পুৰুষৰ ধাতু দুর্বলতা, ডায়েবেটিচ, স্নায়ুজনীত ৰোগৰ ক্ষেত্ৰ এই বহু উপকাৰী বুলি কোৱা হয় ৷ ছাল, চুলিৰ বাবেও এইবিধ শাক উপকাৰী ৷
পঢ়িবলৈ ক্লিক কৰক