শীতকালত পিঁয়াজৰ পাত হৈ পৰে মহৌষধ, আছে এনে উপকাৰিতা

18 Nov 2025

TV9 ASSAM

এতিয়া বজাৰ-বাৰী সকলোতে উপলব্ধ হোৱা পিঁয়াজ পাত আপুনিও হয়তো খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিছে। পিছে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

পিঁয়াজৰ পাত

ইয়াত ভিটামিন চি, এৰ লগতে এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণ আছে বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে বাবে পাচনতন্ত্ৰক অতি সক্ৰিয় কৰি তোলে। ইয়াৰ দ্বাৰা গেষ্ট্ৰাইটিছ, এচিডিটি, কোষ্ঠকাঠিন্য ইত্যাদি সমস্যাত সকাহ পাব।

পাচনত সহায়

ইয়াত থকা এলাইল ছালফাইডে কলন কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰে। লগতে ফ্লেভন’ইডে ফ্ৰী ৰেডিকেল উৎপন্ন কৰি ক্জেনথাইন অক্সিডেজক বাধা দি কেঞ্চাৰ প্ৰতিৰোধ কৰে।

কৰ্কটৰ সম্ভাৱনা হ্ৰাস

ইয়াত থকা চালফাৰ যৌগই ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰি তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰে। তেজৰ পৰা শৰীৰৰ কোষলৈ চেনি পৰিবহণ কৰিবলৈ ইনচুলিনৰ প্ৰয়োজন।

ডায়েবেটিছ নিয়ন্ত্ৰণ

ইয়াত থকা বিভিন্ন যৌগই শৰীৰৰ হাই কলেষ্টেৰল, ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়। লগতে চালফাৰ যৌগসমূহে ক’ৰ’নাৰী হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

পিঁয়াজ পাতে লগতে চকুৰ স্বাস্থ্য, হাড়ৰ স্বাস্থ্য অটুট ৰাখে। তদুপৰি বয়স বৃদ্ধিৰ ছাপ পৰাত বাধা দিয়ে। গতিকে শীতকালত পিঁয়াজৰ পাত হৈ পৰে মহৌষধি।

এনে উপকাৰ

পঢ়িবলৈ ক্লিক কৰক 

ডায়েবেটিছ ৰোগীয়ে শীতকালত নকৰিব এনে ভুল