ডায়েবেটিছ আছে যদি শীতৰ এনে ভুলে জীৱন কৰিব বিপন্ন

18 Nov 2025

TV9 ASSAM

ডায়েবেটিছৰ সমস্যা এতিয়া উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। এই ৰোগৰ ৰোগীসকলে সকলো সময়তে যত্ন ল’ব লাগে যদিও শীতকালত বিশেষ যত্নৰ প্ৰয়োজন।

ডায়েবেটিছ

ডায়েবেটিছ ৰোগীয়ে শীতকালত বিশেষকৈ নিজৰ খাদ্যৰ যত্ন ল’ব লাগে বুলি কয় দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজীত সিঙে। তেওঁ লগতে লোভ নিয়ন্ত্ৰণত ৰখাৰ উপদেশ দিয়ে।

বিশেষজ্ঞৰ মত

তেওঁৰ মতে শীতকালত মিঠাই, ফাষ্ট ফুড, আলুৰ পৰা তৈয়াৰী খাদ্য তথা কলৰ দৰে ফল খাব নালাগে। লগত নিশা কম পৰিমাণৰ খাদ্য খাবলৈ তেওঁ পৰামৰ্শ দিয়ে।

আহাৰ

ইয়াৰ পৰিৱৰ্তে সেউজীয়া শাক-পাচলি, পুষ্টিসমৃদ্ধ ফল-মূল খাবলৈ তেওঁ উপদেশ দিছে। শীতকালত ব্যায়ামৰ অভ্যাস এৰি দিয়াটো উচিত নহয় বুলিও ডাঃ সিঙে কয়।

খাদ্য-ব্যায়াম

ব্যায়াম নকৰিলে বিপাকীয় ক্ৰিয়া বেয়া হোৱাৰ লগতে চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে বুলি চিকিৎসকগৰাকীয়ে সকীয়াই দিয়ে।

প্ৰভাৱ

শীতকালত ডায়েবেটিছ ৰোগীয়ে সময়মতে ঔষধ নোখোৱাৰ ভুল কেতিয়াও কৰিব নালাগে। সময়মতে ঔষধ নাখালে চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে বুলি তেওঁ কয়।

ঔষধ

পঢ়িবলৈ ক্লিক কৰক 

চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্রী