নিশা এফুটা নহৰু হ’ব পাৰে স্বাস্থ্যৰ বাবে মহৌষধি!

29 Jan 2026

TV9 ASSAM

নহৰু কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰা মছলাই নহয়, ই দেহৰ বাবে হৈ পৰে মহৌষধি। নিশা এফুটা নহৰু খালে পোৱা যায় বহু উপকাৰ।

নহৰু

নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন চি, বি ৬, মেংগানিজ, কেলচিয়াম, আইৰণ আৰু ফাইবাৰ থাকে। ই শৰীৰক প্ৰয়োজনীয় শক্তি যোগান ধৰে।

পুষ্টিৰ ভাণ্ডাৰ

নহৰুত থকা 'এলিচিন' নামৰ উপাদানে যকৃতক শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ই এক প্ৰাকৃতিক ডিটক্স হিচাপে কাম কৰে।

প্ৰাকৃতিক ডিটক্স

ইয়াৰ এণ্টি-বেক্টেৰিয়েল আৰু এণ্টিঅক্সিডেণ্ট গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

নহৰুত থকা 'ট্ৰিপ্ট’ফেন' নামৰ এমিনো এচিডে মগজুত চেৰ’টনিন উৎপাদনত সহায় কৰে। ই মানসিক অৱসাদ দূৰ কৰি নিশা গভীৰ টোপনি অহাত সহায় কৰে।

মানসিক স্বাস্থ্য

নহৰুৱে শৰীৰত কলেষ্টেৰল আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ই পাচনতন্ত্ৰ সক্ৰিয় কৰি ওজন কমোৱাত আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে।

হৃদযন্ত্ৰ-হজম শক্তি

পঢ়িবলৈ ক্লিক কৰক 

কমলাৰ এনে অসাধাৰণ গুণে কৰিব আচৰিত