TV9 ASSAM
বহু মহিলাই সঘনাই প্ৰস্ৰাৱ অহা, প্ৰস্ৰাৱত জলা পোৰা, বিষ আদিৰ সমস্যাত ভোগে। ই UTI ৰ লক্ষণ। কিন্তু যদি বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণ হয় তেন্তে ইয়াক আওকান কৰা উচিত নহয়।
UTI বেক্টেৰিয়াৰ ফলত হয়। যিয়ে প্ৰস্ৰাৱৰ নলীত সংক্ৰমণ বিয়পায়। চাফ-চিকুনকৈ নথকা, কম পানী খোৱা, প্ৰস্ৰাৱ ৰখোৱা, অসুৰক্ষিত যৌন সম্পৰ্কৰ ফলত এনে ৰোগ হয়।
স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ চঞ্চল শৰ্মাই কয় যে যদি বছৰত ২-৩ বাৰ বা তাতকৈ বেছি প্ৰস্ৰাৱ সংক্ৰমণ হয় তেন্তে তাৰ আঁৰত গুৰুতৰ কাৰণ থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যোৱা ভাল।
বাৰে বাৰে হোৱা UTI কেতিয়াবা পাইলোনফ্ৰাইটিছ বা বৃক্ক সংক্ৰমণৰ লক্ষণ হ'ব পাৰে। এনে হলে তীব্ৰ জ্বৰ, পিঠিত বিষ,বমি আদি হ'ব পাৰে। দীৰ্ঘদিন আওকান কৰিলে বৃক্ক বিকল হ'ব পাৰে।
ডায়বেটিছৰ ফলত শৰীৰৰ ইমিউন চিষ্টেম কম হয়। যাৰ ফলত শৰীৰে বেমাৰৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। মহিলাৰ চুগাৰ নিয়ন্ত্ৰণত নাথাকিলে বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণ হয়। গতিকে চুগাৰ পৰীক্ষা কৰা প্ৰয়োজন।
যদি প্ৰস্ৰাৱত তেজ অহাৰ লগতে বিষ হয় আৰু এন্টিবায়টিকছৰ পৰা কোনো লাভ নহয় তেন্তে ই কৰ্কট বা ইউৰিনৰি ট্ৰেক্টত টিউমাৰ হোৱাৰ লক্ষণ হ'ব পাৰে। গতিকে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
বাৰে বাৰে হোৱা প্ৰস্ৰাৱ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ পানী খাই থাকিব লাগে। বেছি সময় প্ৰস্ৰাৱ ৰখাব নালাগে। লগতে কটন আণ্ডাৰৱেৰ পিন্ধিব লাগে। যৌন সম্পৰ্কৰ পাছত প্ৰস্ৰাৱ কৰিব লাগে, চাফ-চিকুন থাকিব লাগে।
পঢ়িবলৈ ক্লিক কৰক