November 9, 2025
TV9 ASSAM
বৰ্তমান দেখা গৈছে যে, অসমত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰদূষণ, ধূমাপান, মদ্যপান, বেছিকৈ ভজা খাদ্য খোৱা আৰু অস্বাস্থ্য জীৱনশৈলীয়ে এই ৰোগীৰ সংখ্যা বৃদ্ধিত অহিৰণা যোগাইছে।
বিশেষজ্ঞৰ মতে,দৈনিক খোৱা খাদ্যই কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ইয়াৰ ভিতৰত আপুনি এই খাদ্যবোৰ তালিকাত ৰাখিব পাৰে।
বিলাহীয়ে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। এই পাচলিবিধত থকা লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷
পালেং শাক স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই শাক বিধ বিটা-কেৰোটিন, ফাইবাৰ, ফোলেট আৰু অন্যান্য ভিটামিন মূল উৎস। ই কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে অধিক উপকাৰী বুলি কোৱা হয়।
গাজৰ থকা উপাদানে অক্সিডেটিভ চাপ কমোৱাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। লগতে ই বিপাকীয় ক্ৰিয়া আৰু হজম শক্তি বৃদ্ধি কৰি পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।
নহৰুত এলিচিন পোৱা যায়। চালফাৰ সদৃশ যৌগটোৱে অনিয়ন্ত্ৰিত কোষ বিভাজন ৰোধ কৰে, যাৰ ফলত কেন্সাৰৰ সম্ভাৱনা হ্ৰাস পায়।
ভিটামিন আৰু আঁহেৰে ভৰপূৰ এই পাচলিত ছালফ’ৰাফেন নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে।
পঢ়িবলৈ ক্লিক কৰক