November 9, 2025
TV9 ASSAM
বিশ্বজুৰি উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰায় ৪ জনৰ ভিতৰত ১ জন উচ্চ ৰক্তচাপত আক্ৰান্ত হয়।
ৰক্তচাপ বৃদ্ধি হ’লে হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
বেয়া খাদ্যাভ্যাস, মানসিক চাপ, টোপনিৰ অভাৱ, মেদবহুলতা, ব্যায়ামৰ অভাৱ আদি উচ্চ ৰক্তচাপৰ মূল কাৰণ হিচাপে পৰিগণিত হৈছে।
উচ্চ ৰক্তচাপৰ ৰোগীয়ে প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে। বজাৰত উপলব্ধ চিপচ, নামকিন, পেকেটত ভৰোৱা অন্যান্য খাদ্য খালে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
উচ্চ ৰক্তচাপ ৰোগীয়ে বেছি নিমখ সেৱন কৰিব নালাগে। উচ্চ ৰক্তচাপ থকা লোকৰ বাবে নিমখ বিপদজনক। নিমখত অধিক পৰিমাণে ছডিয়াম থাকে, যাৰ ফলত ৰক্তচাপ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।
উচ্চ ৰক্তচাপ থকা লোকে মিঠাই খোৱাৰ পৰা বিৰত থাকিব লাগে। মিঠাইৰ দ্বাৰা চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত আপোনাৰ ওজন বৃদ্ধি পাব পাৰে আৰু হৃদযন্ত্ৰক প্ৰভাৱিত কৰিব পাৰে ।
চাহ আৰু কফিত প্ৰচুৰ পৰিমাণে কেফেইন থাকে। কেফেইনে ৰক্তচাপ বৃদ্ধি কৰে। গতিকে বেছিকৈ সেৱন কৰিলে বিপদ বৃদ্ধি পায়।
পঢ়িবলৈ ক্লিক কৰক