গোটেই দিনটো থকা অৱসাদৰ ভাৱ দূৰ কৰিব এনে অভ্যাসে

2 Sept 2025

TV9 ASSAM

বৰ্তমানৰ অত্যন্ত ব্যস্ততাময় জীৱনশৈলীৰ বাবে প্ৰায় প্ৰতিজন লোকেই সাময়িকভাৱে হ’লেও অৱসাদ বা এলাহ ভাৱ অনুভৱ কৰে।

অৱসাদ

কিছুলোকে গোটেই দিনটো এনে অৱসাদৰ ভাৱ অনুভৱ কৰে। এনে পৰিস্থিতিত আপোনাৰ কৰ্মজীৱন তথা ব্যক্তিত্বৰ প্ৰতিও বিপদ নামি আহে।

সমস্যা

কিছুমান সহজ উপায়েৰে আপুনি এনে সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰে। জানো আহক এনে কিছুমান উপায়ৰ বিষয়ে।

সকাহৰ উপায়

ব্যস্ততা বা কামৰ হেঁচাই ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এই চাপ দূৰ কৰিবলৈ দৈনিক ৫-১০ মিনিট সময় শান্ত পৰিৱেশত ধ্যান কৰক।

ধ্যান

টোপনিৰ অভাৱে ব্যক্তিৰ দেহৰ লগতে মানসিক স্বাস্থ্যলৈও বিপদ নমাই আনে। এনে সমস্যাৰ পৰা ৰক্ষা পাবলৈ দৈনিক ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে।

পৰ্যাপ্ত টোপনি

পুৱা ব্ৰেকফাষ্ট গ্ৰহণ নকৰিলে বা অস্বাস্থ্যকৰ খাদ্য খালে দিনটোলৈ দুৰ্বলতা অনুভৱ হয়। গতিকে স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ অভ্যাস গঢ়ি তোলা প্ৰয়োজন।

স্বাস্থ্যকৰ খাদ্য

দেহত পানীৰ অভাৱ হ’লেও অলস ভাৱ বা দুৰ্বলতা অনুভৱ কৰে। গতিকে দৈনিক কমেও ২ লিটাৰ পানী খাব লাগে। লগতে কিছুমান ফল-মূলো খাব লাগে।

পৰ্যাপ্ত পানী

যিকোনো শাৰীৰিক ব্যায়ামে দেহত শক্তি বৃদ্ধিত সহায় কৰে। সেয়ে খোজ কঢ়া, দৌৰা, যোগাসন বা জীমৰ অভ্যাস গঢ়ি তুলিব পাৰে।

ব্যায়াম

একেটা স্থানতে বহি বহুসময় কাম কৰিলে এলাহ ভাৱৰ জন্ম হয়। সেয়ে কামৰ মাজে মাজে কিছু সময়ৰ বাবে হ’লেও বিৰতি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

কৰ্ম বিৰতি

পঢ়িবলৈ ক্লিক কৰক 

এই খাদ্যসমূহে শক্তি প্ৰদান কৰে মগজুক