শৰীৰৰ পৰা বেয়া গোন্ধ ওলোৱাৰ কাৰণ, জানক...

9 June 2025

TV9 ASSAM

শৰীৰৰ পৰা দুৰ্গন্ধি ওলোৱা এক সাধাৰণ কথা। কিন্তু ইয়ে মানুহক অস্বস্তিত পেলায়। ই বিভিন্ন কাৰণত হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জানি ইয়াত আঁতৰ কৰিব পাৰি।

শৰীৰৰ পৰা দুৰ্গন্ধ

আমাৰ ছালত থকা বেক্টেৰিয়া ঘামত মিহলি হৈ বেয়া গোন্ধৰ সৃষ্টি কৰে। গতিকে গৰমৰ দিনত গা-মূৰ ধুই নিজকে চাফ-চিকুনকৈ ৰখাৰ চেষ্টা কৰিব লাগে।

বেক্টেৰিয়া

যৌৱনকাল, গৰ্ভাৱস্থা, ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ পৰিৱৰ্তনেও শৰীৰত দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে। অত্যাধিক ঘাম ওলালেও শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়।

হৰম'ন

কিছুমান খাদ্য যেনে-পিয়াঁজ, নহৰু আদি খালে শৰীৰৰ পৰা গোন্ধ ওলায়। কিছুমান মানুহৰ জিনীয়ভাৱে শৰীৰৰ দুৰ্গন্ধৰ সমস্যা থাকে।

খাদ্য,বংশানুক্ৰমিক

মানসিক চাপেও শৰীৰৰ দুৰ্গন্ধত প্ৰভাৱ পেলাব পাৰে। ইয়াৰোপৰি অত্যাধিক ওজন বৃদ্ধিৰ ফলত শৰীৰৰ দুৰ্গন্ধ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

মানসিক চাপ

ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মিতভাবে গা ধোৱাৰ প্ৰয়োজন।  ইয়াৰোপৰি চাফ-চিকুন কাপোৰ পৰিধান কৰিব লাগে। বিশেষকৈ গৰমৰ দিনক কপাহী কাপোৰ পৰিধান কৰা ভাল।

কি কৰিব

ডিঅ’ডৰেণ্ট আৰু এন্টিপাৰ্স্পিৰেণ্ট ব্যৱহাৰ কৰিলে শৰীৰৰ দুৰ্গন্ধ কমোৱাত সহায়ক হ’ব পাৰে। যদি এই সমস্যা গুৰুতৰ হৈ পৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

প্ৰস্ৰাৱৰ ৰং