অতিমাত্ৰা লাল বা ৰঙা চাহ খালে শৰীৰত কি প্ৰভাৱ পৰে?

27 October 2025

TV9 ASSAM

বহুতে লাল চাহ বা ৰঙা চাহ নোখোৱাকৈ দিন কটাব নোৱাৰে। বহুতে দিনটোৰ ভিতৰত কেইবা কাপ চাহ খায়।

ৰঙা চাহ

কোৱা হয় যে,ৰঙা চাহ স্বাস্থ্যৰ বাবে উপকাৰী। অৱশ্যে এই অভ্যাসে কিছুমান স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

স্বাস্থ্যৰ সমস্যা

অত্যধিক পৰিমাণৰ ৰঙা চাহ খালে কেতিয়াবা শৰীৰত ডিহাইড্ৰেচন হ’ব পাৰে। গতিকে ৰঙা চাহ খোৱাৰ আগতে পানী খাব লাগে।

ডিহাইড্ৰেচন

ৰঙা চাহত টেনিন থাকে। অত্যধিক পৰিমাণে ৰঙা চাহ খালে কিছুমান লোকৰ অনিদ্ৰা সমস্যা হ’ব পাৰে।

অনিদ্ৰা সমস্যা

সঘনাই ৰঙা চাহ খালে শৰীৰত আইৰণ শোষণত সমস্যাৰ সৃষ্টি হয়। ফলত শৰীৰত আইৰণৰ অভাৱ হ’ব পাৰে।

আইৰণৰ অভাৱ

বহুতৰে খালী পেটত ৰঙা চাহ খোৱাৰ অভ্যাস আছে। কিন্তু এই অভ্যাসে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

হৃদযন্ত্ৰৰ সমস্যা

চাহত টেনিনৰ উপৰিও সামান্য পৰিমাণৰ কেফেইন থাকে। বেছিকৈ ৰঙা চাহ খালে কিছুমান মানুহৰ হৃদস্পন্দনত উঠা-নমা হ’ব পাৰে।

হৃদস্পন্দন

পঢ়িবলৈ ক্লিক কৰক

এই ৫টা অভ্যাসে দীৰ্ঘ আৰু সুস্থ জীৱন দিব পাৰে