ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক

7 June 2025

TV9 ASSAM

Photo Credits: Getty Images

মাছ মাংসৰ লগতে আন বহু সামগ্ৰী সংৰক্ষণৰ বাবে বহুতে ফ্ৰীজ ব্যৱহাৰ কৰে । মাংস ডিপ ফ্ৰীজত ৰখাৰ আগতে কিছু কথা মনত ৰখাটো জৰুৰী।

জৰুৰী কথা

সঠিকভাৱে যদি ফ্ৰীজত সংৰক্ষণ কৰা নহয় তেতিয়া মাংসৰ সোৱাদ আৰু গুণগত মান নষ্ট হোৱাৰ আশংকা থাকে।

গুণগত মান নষ্ট

মাংস কাটি লোৱাৰ লগে লগে ফ্ৰীজত সংৰক্ষণ কৰিব নালাগে। কাৰণ এই সময়ত মাংস অলপ গৰম হয়। স্বাভাৱিক উষ্ণতালৈ অহাৰ পিছত ফ্ৰীজত সংৰক্ষণ কৰিব লাগে ।

স্বাভাৱিক উষ্ণতা

মাংস ধুই ফ্ৰীজত সংৰক্ষণ কৰিলে সোৱাদ নষ্ট হোৱাৰ আশংকা থাকে। তেজখিনি আঁতৰাই ফ্ৰীজত থ'ব লাগে ।

সোৱাদ নষ্ট

মাংসখিনি সংৰক্ষণ কৰাৰ আগতে ফ্ৰীজৰ উষ্ণতা শূন্য ডিগ্ৰী ফাৰেনহাইটত থকাটো নিশ্চিত কৰক।

ফ্ৰীজৰ উষ্ণতা

মাংস ফ্ৰীজত ৰাখিবলৈ এয়াৰটাইট পেকেজিং নিশ্চয় ব্যৱহাৰ কৰক। কেঁচা মাংস সংৰক্ষণ কৰাৰ সময়ত ফ্ৰীজত সুৰক্ষিত বেগ বা পাত্ৰ ব্যৱহাৰ কৰিব লাগে।

পেকেজিং

মাংস সংৰক্ষণ কৰাৰ পিছত ফ্ৰীজৰ দুৱাৰখন সঘনাই খুলিব নালাগে। দুৱাৰখন সঠিকভাৱে বন্ধ কৰি ৰখাটোও জৰুৰী।

দুৱাৰ বন্ধ

পঢ়িবলৈ ক্লিক কৰক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ?