ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?

29 Jan 2026

TV9 ASSAM

ভাৰতীয় পাকঘৰত ব্যৱহাৰ হোৱা এবিধ মচলা ইলাচি। চাহৰ পৰা আৰম্ভ কৰি খাদ্যলৈকে ইলাচি ব্যৱহাৰ কৰা হয়। কেৱল সোৱাদ বৃদ্ধিয়ে নহয় ই স্বাস্থ্যৰো  উপকাৰ কৰে।

ইলাচি

ইলাচিৰ বহু উপকাৰী গুণ আছে। প্ৰতিদিনে যদি এটাকৈ সেউজীয়া ইলাচি খাই তেন্তে কেইটামান দিনৰ ভিতৰতে ইয়াৰ ফল দেখিবলৈ পাব।

গুণ

যিসকল লোকৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেনে লোকে ইলাচি খাব পাৰে। পেট ফুলা, এচিডিটি আদি হ'লে এটা ইলাচি চোবাই খাব পাৰে।

পাচনতন্ত্ৰ

মুখৰ দুৰ্গন্ধ দূৰ কৰাত ইলাচিয়ে সহায় কৰে। যদি আপোনাৰ মুখৰ দুৰ্গন্ধ ওলাই তেন্তে ইলাচি খাব পাৰে। ই মুখৰ বেয়া বেক্টেৰিয়া নষ্ট কৰি পেলাই আৰু বেয়া গোন্ধ দূৰ কৰে।

মুখৰ দুৰ্গন্ধ

ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো ইলাচি ভাল। যদি আপুনি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰিছে তেন্তে সৰু ইলাচিয়ে সহায় কৰিব পাৰে।

ওজন নিয়ন্ত্ৰণ

ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ইলাচিয়ে। উচ্চ ৰক্তচাপ থকা লোকসকলে ইলাচি খাব পাৰে।

ব্লা়ড প্ৰেচাৰ

ইয়াৰোপৰি যিসকলৰ হৃদযন্ত্ৰৰ সমস্যা, ব্লাড চুগাৰ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে তেনে লোকে ইলাচি খাব পাৰে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লব পাৰে।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক 

প্ৰ'টিন অভাৱৰ লক্ষণ