January 28, 2026
TV9 ASSAM
কিছুমান মানুহৰ হঠাতে ৰক্তচাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। ৰক্তচাপ বৃদ্ধিৰ কিছুমান লক্ষণ দেখা যায় যদিও ইয়াক আওকাণ কৰা হয়।
চিকিৎসকৰ মতে, যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। নহ'লে ষ্টোকৰ সম্ভাৱনা বাঢ়িব পাৰে।
উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে প্ৰতিদিনে অথবা নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰিব লাগে। যাতে বৃদ্ধি হ'লে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।
ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস কৰিব। অত্যাধিক নিমখ খাব নালাগে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ দিনটোত পৰ্যাপ্ত পানী খাব লাগে। পৰ্যাপ্ত পানীয়ে শৰীৰটোক হাইড্ৰেট কৰি ৰখাই নহয় ৰক্তচাপ নিয়ন্ত্ৰণ সহায় কৰিব।
ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব।
যদি তীব্ৰ মূৰৰ বিষ, বমিৰ অনুভৱ, দৃষ্টিশক্তিৰ সমস্যা আদি লক্ষণ অনুভৱ কৰে,তেন্তে লগে লগে চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক