বৃক্কক ক্ষতিৰ পৰা ৰক্ষা কৰিব এই ৫ বিধ খাদ্যই, খাওক নিয়মিত

20 DEC 2025

TV9 ASSAM

দেহৰ গুৰুত্বপূৰ্ণ অংগ বৃক্ক প্ৰতিটো সময়তে সক্ৰিয় হৈ থাকি কাৰ্য সম্পাদন কৰে। গতিকে বৃক্ক সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

বৃক্ক

আপোনাৰ বৃক্ক সুস্থ কৰি ৰাখিবলৈ কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে। এনে কিছুমান স্বাস্থ্যকৰ খাদ্যৰ বিষয়ে জানি লওঁ আহক।

স্বাস্থ্যকৰ খাদ্য

সেউজীয়া শাক-পাচলি বৃক্কৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। ইয়াত পটাছিয়াম কম কিন্তু ফাইবাৰ, ভিটামিন, খনিজ পদাৰ্থ থাকে। এই উপাদানসমূহে বৃক্কক বিষমুক্ত কৰে।

সেউজীয়া শাক-পাচলি

ব্লুবেৰী, ষ্ট্ৰবেৰী, ক্ৰেনবেৰী, চেৰী আদিত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ভিটামিন চি, এণ্টিঅক্সিডেণ্ট দি থাকে। এই উপাদানসমূহে বৃক্কৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

জামু

নহৰুৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী  প্ৰচুৰ পৰিমাণে উপলব্ধ। এনে গুণে বৃক্কৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰি বৃক্ক সুস্থ কৰি ৰাখে।

নহৰু

ৰঙা কেপচিকামত পটাছিয়াম কম যদিও ভিটামিন এ, চি, বি ৬ আৰু ফলিক এচিড প্ৰচুৰ পৰিমাণে থাকে। এই উপাদানসমূহে বৃক্কত চাপ পৰাৰ পৰা সকাহ দিয়ে।

ৰঙা কেপচিকাম

বৃক্কৰ বাবে চৰ্বিযুক্ত মাছো অত্যন্ত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে; ই প্ৰদাহ, তেজৰ চৰ্বি হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ, বৃক্কৰ স্বাস্থ্য বজাই ৰাখে।

চৰ্বিযুক্ত মাছ

পঢ়িবলৈ ক্লিক কৰক 

এইসমূহ খাদ্য অত্যধিক খালে ক্ষতি হ’ব পাৰে বৃক্কৰ