এই ৫ বিধ খাদ্যই সুস্থ কৰি ৰাখিব আপোনাৰ লিভাৰ

January 3, 2026

TV9 ASSAM

আধুনিক জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস বা প্ৰয়োজনীয় শাৰীৰিক ব্যায়ামৰ অভাৱৰ বাবে শৰীৰত সহজে শিপাই থকা অন্যতম ৰোগ হ’ল যকৃতৰ ৰোগ।

যকৃতৰ ৰোগ

অনেক খাদ্যই যকৃত সুস্থ কৰি ৰাখে। যকৃত পৰিষ্কাৰ কৰি ৰাখিবলৈ খাব পৰা পাঁচ বিধ খাদ্যৰ বিষয়ে জানক।

যকৃত পৰিষ্কাৰ

যকৃত পৰিষ্কাৰ কৰি ৰখাৰ বাবে নহৰু উপকাৰী। ইয়াৰ বাবে আঞ্জাত নহৰু ব্যৱহাৰ কৰিব পাৰে। ৰাতিপুৱা খালী পেটত কেঁচা নহৰু খোৱাটোও অতি উপকাৰী।

নহৰু

প্ৰতিদিনে পুৱা এটা গোটা নেমুৰ ৰসৰ সৈতে এগিলাচ কুহুমীয়া গৰম পানী খাব লাগে। এই অভ্যাস যকৃতক সুস্থ কৰি ৰখাত অতি উপযোগী।

নেমু

গ্ৰীণ টিয়ে যকৃতৰ যত্ন লোৱাত সহায় কৰে। যকৃতত প্ৰদূষক পদাৰ্থ জমা হোৱাৰ বাবে মেদবহুলতা হয়। সেউজীয়া চাহে সেই প্ৰদূষকবোৰ আঁতৰাই পেলায়।

গ্ৰীণ টি

হালধিয়েও যকৃত অতি সোনকালে পৰিষ্কাৰ কৰে। সেইবাবেই হালধি মিহলি কৰা খাদ্য খাব লাগে। গাখীৰ আৰু হালধি খাব পাৰে।

হালধি

স্বাস্থ্যকৰ চৰ্বি আৰু গ্লুটাথিয়নেৰে সমৃদ্ধ এভোকেডোৱে যকৃতক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। 

এভোকেডো

পঢ়িবলৈ ক্লিক কৰক

ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ