10 October 2025
TV9 ASSAM
ৰাতিপুৱা সাৰ পোৱাৰ পাছত মূৰটো গধুৰ অনুভৱ আৰু চকু ফুলা মগজুৰ চাপ বৃদ্ধিৰ লক্ষণ হ'ব পাৰে। ই টিউমাৰৰ লক্ষণো হ'ব পাৰে।
মগজুৰ টিউমাৰত বৃদ্ধি পোৱা কোষবোৰে মগজুৰ ওপৰত চাপ বৃদ্ধি কৰে। ই তেজৰ সোঁত আৰু সিৰাত প্ৰভাৱ পেলায়। ফলত মূৰ গধুৰ হৈ চকু ফুলি উঠে।
ডাঃ গংগেশ গুঞ্জনে কয় যে,টিউমাৰ বাঢ়িলে মস্তিষ্কৰ তৰল পদাৰ্থৰ প্ৰবাহত বাধা সৃষ্টি হয়। ফলত মূৰৰ ভিতৰত চাপ বৃদ্ধি পায়।
ধাৰাবাহিক মূৰৰ বিষ, সঘনাই বমি, দৃষ্টিশক্তি ম্লান, দুৰ্বলতা, স্মৃতিশক্তিৰ ওপৰত প্ৰভাৱ টিউমাৰৰ লক্ষণ হ'ব পাৰে।
যদি এই লক্ষণবোৰ দীৰ্ঘদিন ধৰি থাকে তেন্তে স্নায়ু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। সময়মতে পৰামৰ্শ গ্ৰহণ কৰিলে আৰোগ্য লাভ কৰাত সহায়ক হ'ব।
জিনীয় কাৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, মূৰত আঘাত পোৱা লোকৰ টিউমাৰ হোৱাৰ আশংকা বেছি।
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্যসন্মত খাদ্য খাওক, পৰ্যাপ্ত টোপনি যাওক আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰক।
পঢ়িবলৈ ক্লিক কৰক