TV9 ASSAM
আমাৰ উৎসুক মনত কেতিয়াবা কোনো মুহূৰ্তত পৃথিৱীৰ শেষ পথটো কি হ’ব পাৰে, সেই লৈ চিন্তাৰ উদয় নোহোৱাকৈ থকা নাই।
পৃথিৱীৰ এনে এখন দেশ আছে, যিখন দেশৰ এটা পথক পৃথিৱীৰ শেষ পথ আৰু এই পথৰ সিপাৰে পৃথিৱীৰ অন্ত পৰে বুলি কোৱা হয়।
পৃথিৱীৰ শেষ হিচাপে জনাজাত এই পথটোৰ নাম হৈছে E-69 হাইৱে। এই পথটো ইউৰোপীয় দেশ নৰৱে’ত আছে।
পৃথিৱীৰ এই শেষ পথটো ১২৯ কিলোমিটাৰ দৈৰ্ঘৰ। দক্ষিণৰ পৰা উত্তৰ দিশলৈ গৈছে পৃথিৱীৰ এই শেষ পথটো।
এই ঘাইপথটোত ৫টা সুৰংগ আছে। এই ঘাইপথটো কেৱল শেষ পথ হোৱাৰ বাবেই নহয়, সৌন্দৰ্যৰ বাবেও জনপ্ৰিয়।
এই E-69 হাইৱে যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে দূৰ-দূৰণিৰ পৰা বৰফ, সাগৰ আৰু সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখা পাব।
পিছে অঞ্চলটোত বতৰৰ কোনো নিশ্চয়তা নাই বাবে আৰু বৰফ পৰি থকাৰ বাবে এই পথটোত অকলে যাত্ৰা কৰিবলৈ দিয়া নহয়।
এই পথটো ২৫ বছৰ পূৰ্বে ১৯৯৯ চনত নিৰ্মাণ কৰা হৈছিল। তাৰ পূৰ্বে সেই স্থানলৈ কেৱল নাৱেৰেহে যাতায়ত হৈছিল।
পঢ়িবলৈ ক্লিক কৰক
ভাৰতীয় ক্ৰিকেট দলৰ বাবে ঘোৰ সংকটৰ ৰূপত ট্ৰেভিছ হেড