TV9 ASSAM
বিগত কিছুদিনৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ সফলতাৰ পথত আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে অষ্ট্ৰেলিয়ান তাৰকা ট্ৰেভিছ হেড।
যোৱা বছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰি ভাৰতৰ মুখৰ পৰা খিতাপ কাঢ়ি নিছে হেডে।
ভাৰতৰ বিপক্ষে এই বিধ্বংসী ফৰ্ম অব্যাহতি ৰাখি আজি পুনৰ এডিলেইড টেষ্টত এক বিস্ফোৰক শতক অৰ্জন কৰে।
আজি হেডে মাত্ৰ ১৪১টা বলত ১৪০ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে। ভাৰতৰ বিৰুদ্ধে হেডৰ এয়া দ্বিতীয়টো টেষ্ট শতক।
দিবানৈশ টেষ্টৰ ইতিহাসত এয়া হেডৰ তৃতীয় শতক। এইক্ষেত্ৰত তেওঁৰ সন্মুখত আছে কেৱল দলীয় সতীৰ্থ মাৰ্নাছ লাবু্চেন (৪)।
হেডে আজি মাত্ৰ ১১১ বলত শতক সম্পূৰ্ণ কৰি দিবানৈশ টেষ্টত দ্ৰুততম শতক অৰ্জন কৰি নিজৰে পূৰ্বৰ অভিলেখ (১১২ বল) ভংগ কৰে।
নিজৰ ঘৰুৱা খেলপথাৰ এডিলেইডত সদায়েই উজলি উঠে ট্ৰেভিছ হেড। এডিলেইডত তেওঁৰ এয়া তৃতীয় শতক।
পঢ়িবলৈ ক্লিক কৰক
বিদেশৰ মাজেৰে যাত্ৰা কৰি দেশত উপস্থিত হয় ভাৰতৰ এইখন বাছ