সঘনাই জিভা শুকাই গ'লে কি হয়?

January 25, 2026

TV9 ASSAM

বহুতৰে মুখ বা জিভা শুকাই যোৱাৰ সমস্যা থাকে। যিমানেই পানী খালেও সমস্যাটো সমাধান নহয়। ইয়াক Xerostomia বুলি কোৱা হয়।

Xerostomia

জিভা শুকাই যোৱা সমস্যাটো বৰ গুৰুতৰ নহয়। যদিও কিছুমান ক্ষেত্ৰত ই জটিল ৰোগৰ লক্ষণ হ’ব পাৰে।

জটিল ৰোগৰ লক্ষণ

যদি মুখৰ ভিতৰৰ লালটি গ্ৰন্থিবোৰে পৰ্যাপ্ত পৰিমাণৰ লালটি উৎপাদন কৰিব নোৱাৰে তেন্তে জিভাই শুকাই যোৱা সমস্যা হ’ব পাৰে ।

লালটি গ্ৰন্থি

শৰীৰত পানীৰ অভাৱ হ’লে অৰ্থাৎ ডিহাইড্ৰেচনৰ সমস্যা হ’লে বাৰে বাবে জিভা শুকাই যাব পাৰে। ভাইৰেল জ্বৰ, ডায়েৰিয়াতো এই সমস্যা হয়।

পানীৰ অভাৱ

বিভিন্ন ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপে জিভা শুকাই যাব পাৰে। চৰ্দি, কাহ, ৰক্তচাপ হ্ৰাস কৰাৰ ঔষধ বেছিকৈ গ্ৰহণ কৰিলে এই সমস্যা হ’ব পাৰে।

ঔষধৰ পাৰ্শ্বক্ৰিয়া

চিকিৎসকে কয় যে, মগজুৰ ষ্ট্ৰোকৰ আগতে বহু লোকৰ মুখ আৰু জিভা শুকান হোৱাৰ লক্ষণ দেখা দিয়ে। অত্যধিক ধূমপান কৰিলেও এই সমস্যা হ’ব পাৰে।

মগজুৰ ষ্ট্ৰোক

যদি জিভা অনবৰতে শুকান হৈ থাকে, লগতে ওঁঠৰ কোণত ঘাঁ, ওঁঠ ফাটি যোৱা, জিভাত ফোঁহা ওলোৱা আদি লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

কোনসকল লোকে ইলাচী খাব নালাগে ?