3 JUNE 2025
TV9 ASSAM
Credit: Getty Images/Pexels/Whatsapp Meta Al
যেতিয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়া নহয় তেতিয়া ওজন বৃদ্ধিয়ে বহু লোকক আমনি কৰিবলৈ আৰম্ভ কৰে। জাংক ফুড বা আন প্ৰকাৰৰ তেলীয়া খাদ্য খোৱাৰ ফলত শৰীৰৰ ওজন দ্ৰুতগতিত বৃদ্ধি পায়।
ওজন কমাবলৈ ব্যায়াম যিমানেই গুৰুত্বপূৰ্ণ, খাদ্যাভ্যাসত পৰিৱৰ্তন সমানেই গুৰুত্বপূৰ্ণ। ওজন কমাবলৈ আপুনি দৈনিক অমিতা আৰু নৰসিংহৰ পাতৰ পানী খাব পাৰে।
অমিতাৰ পাতত প্ৰচুৰ পৰিমাণে আঁহ আৰু কম কেলৰি থাকে, যাৰ বাবে দৈনিক অমিতাৰ পাতৰ পানী খালে ওজন কমোৱাত সহায় কৰে।
নৰসিংহৰ পাতত বহুতো উপাদান থাকে যিয়ে পাচনতন্ত্ৰক শক্তিশালী কৰে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া উন্নত হয়। এই পাত ওজন কমোৱাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ।
অমিতাৰ পাতৰ পানী বনাবলৈ পাতবোৰ সৰু সৰুকৈ কাটি লওক। তাৰ পিছত ২-৩ কাপ পানী দি উতলাই লব। তাৰ পিছত এই পানী ফিল্টাৰ কৰি নেমু আৰু মৌ দি খাওক।
নৰসিংহৰ পাতৰ পানী বনাবলৈ ২-৩ কাপ পানীত ৮-১০ টা পাত উতলাই লওক। তাৰ পিছত গিলাচ এটাত ফিল্টাৰ কৰি মৌ মিহলাই খাওক।
অমিতা আৰু নৰসিংহৰ পাতৰ পানী খালে পাচনতন্ত্ৰ মজবুত হয়। ইয়াত এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । অমিতা আৰু নৰসিংহৰ পাতৰ পানী ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদতকৈ কম নহয়।
চাবলৈ ক্লিক কৰক