Pic Credit: Getty Images
TV9 ASSAM
হাড়ে আমাৰ শৰীৰটো গঠন কৰে। বাৰ্ধক্য, কেলচিয়ামৰ অভাৱ, খাদ্যাভ্যাসৰ বেয়া আৰু জীৱনশৈলীৰ দুৰ্বলতাৰ বাবে হাড় দুৰ্বল হ’ব পাৰে।
দুৰ্বল হাড়ৰ ফলত গাঁঠিৰ বিষ, হাড় ভঙা আৰু অষ্টিঅ’পৰ’ছিছ হ’ব পাৰে। গতিকে হাড় মজবুত কৰিবলৈ কি খাব লাগে জানো আহক।
হাড়ৰ বাবে কেলচিয়াম আটাইতকৈ গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ইয়াৰ অভাৱ পূৰণ কৰিবলৈ গাখীৰ, দৈ, পনিৰ, সেউজীয়া পাতৰ শাক-পাচলি, তিল আৰু তিঁচি গুটি খাব লাগে।
ভিটামিন ডিয়ে শৰীৰত কেলচিয়াম শোষণ কৰাত সহায় কৰে। ইয়াৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ লওক। লগতে কাঠফুলা, কণী আৰু গাখীৰ খাব লাগে।
প্ৰটিনে হাড়ক মজবুত আৰু নমনীয় কৰি তোলে। সেয়ে খাদ্যত প্ৰটিন সমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰক। দালি,বুট, ৰাজমাহ, কণী, কুকুৰাৰ মাংস, মাছ, চয়াবিন আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীত অধিক প্ৰটিন থাকে।
হাড়ৰ স্বাস্থ্যৰ বাবে মেগনেছিয়াম আৰু জিংকো প্ৰয়োজনীয়। কাজু, আলমণ্ড, বাদাম, মাকৈ, গোটা শস্য আৰু দাইলত এই খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়।
কিছুমান বস্তুৱে হাড়ৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ভিতৰত অত্যধিক নিমখ, শীতল পানীয়, চোডা, ধঁপাত, মদ আৰু অত্যধিক কেফেইন আদি।
চাবলৈ ক্লিক কৰক